বোকাখাত শিল্পী সমাজৰ পঞ্চদশ প্রতিষ্ঠা দিৱস, সাংস্কৃতিক সমাৰোহ আৰু বঁটা প্ৰদান অনুষ্ঠান :
Aiidesh News : 30 January - 2026 :
বোকাখাতৰ অগ্ৰণী অনুষ্ঠান শিল্পী সমাজ, বোকাখাতৰ পঞ্চদশ প্রতিষ্ঠা দিৱস, সাংস্কৃতিক সমাৰোহ আৰু বঁটা প্ৰদান অনুষ্ঠান ২৮ জানুৱাৰীত শিল্পী সমাজৰ নিজা কাৰ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হয় । পুৱা বোকাখাতৰ ওম শান্তি নামৰ সংগঠনৰ কুলদা বেহেনজীয়ে তোৰণ উদ্বোধন কৰাৰ পিচতেই পতাকা উত্তোলন কৰে শিল্পী সমাজ, বোকাখাতৰ সভাপতি বিজয় শর্মা, স্মৃতি তর্পণ কৰে মুখ্য সম্পাদক অসীম বৰুৱা, ড০ ভূপেন হাজৰিকাৰ প্রতিকৃতিত বন্তি প্রজ্বলন কৰে যমুনামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জয়ন্ত দাসে, মাল্যার্পণ কৰে উপদেষ্টা ধনীৰাম কুর্মিয়ে আৰু জুবিন গাৰ্গৰ প্ৰতিকৃতিত বন্তি প্রজ্বলন কৰে অৰুণ শৰ্মাই । মাল্যার্পণ কৰে ম০ ইনামুল ৰহমানে ।
পৰৱৰ্তী সময়ত পঞ্চদশ প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি উলিওৱা সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই । প্ৰতিষ্ঠা দিৱসৰ বাবে নিৰ্মান কৰা মঞ্চত অনুষ্ঠিত হোৱা বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহৰ মঞ্চ উদ্বোধন কৰে বোকাখাতৰ বিশিষ্ট অধিবক্তা তথা সমাজ সেৱক জগত চন্দ্ৰ কলিতাই । এই অনুষ্ঠানতে শিল্পী সমাজৰ তৰফৰ পৰা প্ৰদান কৰা প্রবীন শিল্পী প্রয়াত বলো দাসৰ সোঁৱৰণত 'শিল্পীপ্ৰাণ বঁটা' হোজাইৰ শিল্পী কিৰণ চন্দ্ৰ শইকীয়াক, সমাজ সেৱক প্রয়াত মালিৰাম দলেৰ সোঁৱৰণত 'কর্ম সংস্কৃতি বঁটা' গড়মূৰ বোকাখাতৰ সমাজকর্মী দিলীপ বড়াক, প্রবীণ শিল্পী প্রয়াত প্রফুল্ল শৰ্মাৰ সোঁৱৰণত 'সমন্বয় সাৰথি বঁটা' কণ্ঠ শিল্পী,অনিতা কলিতাক, প্রয়াত অনিল বেজবৰুৱা সোঁৱৰণত 'সংবাদ সন্দীপক বঁটা' বোকাখাতৰ সাংবাদিক তথা ইমজাৰ সম্পাদক ৰোমান বৰুৱা আৰু প্রয়াত মৰশুমা কাইবন নিছাৰ সোঁৱৰণত 'সাংস্কৃতিক কর্মী বঁটা' সংগীত শিল্পী যোগেন টাইডক প্ৰদান কৰা হয় । শিল্পী পেঞ্চন লাভ কৰাৰ বাবে বিশিষ্ট কন্ঠশিল্পী জিতেন শৰ্মা ৰাজখোৱা আৰু বিজয় শৰ্মাকো আজিৰ অনুষ্ঠানতে শিল্পী সমাজৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । ইফালে এই অনুষ্ঠানতে শিল্পী সমাজৰ মুখপত্র 'শিল্পী পৃথিবী' উন্মোচন কৰে আকাশবাণী গুৱাহাটীৰ কার্যবাহী বিষয়া ঋতুপর্ণ দাসে উপস্থিত থাকে বোকাখাতৰ সহকাৰী আয়ুক্ত কুশল কলিতা ।
***********







