বোকাখাতত নিষিদ্ধ ড্ৰাগচ সহ দুজন যুৱকক আটক :

বোকাখাতত নিষিদ্ধ ড্ৰাগচ সহ দুজন যুৱকক আটক  :
Aiidesh Photo

বোকাখাতত নিষিদ্ধ ড্ৰাগচ সহ দুজন যুৱকক আটক  : 


Aiidesh News : 26 November  :


বৃহস্পতি বাৰৰ নিশা বোকাখাত আৰক্ষীয়ে এক বিশেষ অভিযান চলায় দুই ড্ৰাগচ সৰবৰাহকাৰী যুৱকক আটক কৰে ৷ ধৃত ড্ৰাগচ সৰবৰাহকাৰী যুৱকদ্বয় হ'ল বোকাখাত আমটেঙাৰ সহদেৱ দলে আৰু বিপ্লৱ বৰা ৷ ড্ৰাগচ সৰবৰাহকাৰীৰ যুৱক দুজনৰ পৰা ড্ৰাগচৰ আঠটা কণ্টেইনাৰ উদ্ধাৰ কৰে অভিযানকাৰী আৰক্ষীৰ দলে ৷ নগাঁৱৰ পুৰণিগুদামৰ পৰা এই দুই যুৱকে ড্ৰাগচখিনি বোকাখাতৰ আমটেঙালৈ নি থকাৰ সময় বোকাখাতৰ ডিফলু  পথত আৰক্ষীৰ আভিযানকাৰী দলে ড্ৰাগচ সহ যুৱকদ্বয়ক আটক কৰে ৷ ধৃত যুৱকদ্বয়ৰ এজন ড্ৰাগচ আসক্ত বুলি জনায় বোকাখাত আৰক্ষীয়ে ৷ যুৱক দ্বয়ৰ পৰা উদ্ধাৰ কৰা ড্ৰাগচ খিনিৰ বজাৰ মূল্য লক্ষাধিক টকাৰ হ'ব বুলি জানিব পৰা গৈছে ৷

******