কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত খৰ্গ বিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ : হত্যা কৰি চোৰাংচিকাৰীয়ে কাটি নিলে খৰ্গ :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত খৰ্গ বিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ : হত্যা কৰি চোৰাংচিকাৰীয়ে কাটি নিলে খৰ্গ :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত খৰ্গ বিহীন গঁড় মৃতদেহ উদ্ধাৰ : হত্যা কৰি চোৰাংচিকাৰীয়ে কাটি নিলে খৰ্গ : 


AIIDESH.NEWS : 9 May : 


সুদীৰ্ঘ দিনৰ বিৰতিৰ মুৰত লক ডাউনৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ ডোৰামাৰি বিলৰ সমীপতে গঁড় হত্যাকৰি খৰ্গ লৈ যাবলৈ সক্ষম হ'ল চোৰাংচিকাৰীয়ে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলৰ ডোৰামাৰী বিলৰ পাৰত উদ্ধাৰ হৈছে এই খৰ্গ বিহীন গঁড়টোৰ মৃতদেহ  ৷   আজি বিয়লি বনকৰ্মীয়ে খৰ্গ বিহীন গঁড়ৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ সন্দেহ কৰা মতে দুই তিনি দিনৰ আগতে চোৰাং চিকাৰীয়ে গঁড়ৰ হত্যা কৰি খড়্গ লৈ যাবলৈ সক্ষম হৈছিল ৷ বিল খনৰ পাৰত পৰি ৰোৱা গঁড়ৰ মৃতদেহটোৰ সমীপতে ৮ জাঁই এ কে ৪৭ ৰ সজীৱ গুলী উদ্ধাৰ কৰিছে বনকৰ্মীয়ে ৷ ঘটনাৰ সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই ৷ ঘটনাস্থলীলৈ ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়া সকল ৰাওঁনা হৈছে ৷ উল্লেখ্য যে চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এইয়া প্ৰথম ঘটনা বুলি জানিব পৰা গৈছে ৷ বিগত সময়ত ৰাষ্টেৰীয় উদ্যানখনত চোৰাংচিকাৰীৰ হেচা অব্যাহত আছিল যদিও চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰিব পৰা নাছিল  ৷ মন কৰিব লগীয়া যে অগৰাতলী বনাঞ্চলত গঁড় হত্যা এ কে ৪৭ ৰাইফলৰ ব্যৱহাৰৰ এইটো প্ৰথম ঘটনা ৷ ইয়াৰ আগতে অগৰাতলিত হোৱা গঁড় হত্যাত এ কে ৪৭ ৰ বাৱহাৰ তথ্য পোৱা নাছিল উদ্যান কৰ্তৃপক্ষই ৷