জিলা মাষ্টাৰ্চ এথলেটিকচ সন্থাৰ উদ্যোগত বোকাখাততো অভিৰুচি ক্ৰীড়া দিৱস উদযাপন :

জিলা মাষ্টাৰ্চ এথলেটিকচ সন্থাৰ উদ্যোগত বোকাখাততো অভিৰুচি ক্ৰীড়া দিৱস উদযাপন :
Aiidesh Photo
জিলা মাষ্টাৰ্চ এথলেটিকচ সন্থাৰ উদ্যোগত বোকাখাততো অভিৰুচি ক্ৰীড়া দিৱস উদযাপন :

জিলা মাষ্টাৰ্চ এথলেটিকচ সন্থাৰ উদ্যোগত বোকাখাততো অভিৰুচি ক্ৰীড়া দিৱস উদযাপন :  

Aiidesh News : 3 September  : 

অসমৰ প্ৰথম গৰাকী অর্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো “অভিৰুচি ক্রীড়া দিৱস”সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাততো জিলা মাষ্টাৰ্চ এথলেটিকচ সন্থাই ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী ৰূপে স্থানীয় নামদৈয়াং ক্লাৱ আৰু উদ্দীপনা সংঘৰ সহযোগিতাত ৩ চেপ্তেম্বৰত দিনযোৰা কাৰ্যসূচীৰে উদ্‌যাপন কৰে ৷ অনুষ্ঠানৰ আৰম্ভনীতেই পুৱা পতাকা উত্তোলন কৰে বোকাখাত জিলা মাষ্টাৰ্চ এথলেটিকচ সন্থাৰ সভাপতি পবিত্ৰ গগৈয়ে ৷ পৰৱৰ্তী সময়ত আয়োজিত সামূহিক দৌৰ উদ্বোধন কৰে বোকাখাত মহকুমাৰ সহকাৰী আয়ুক্ত ঋষিবন্দনা য়ে ৷ সামুহিক দৌৰত বোকাখাতৰ বিভিন্ন ক্ৰীড়া সংগঠনৰ শতাধিক সদস্যই অংশ গ্ৰহন কৰে ৷ অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে বোকাখাতৰ পুৱতি সাহিত্য সভাৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত বিশিষ্ট খেলুৱৈক সম্বৰ্ধনা জনোৱা হয় ৷

পিচত বোকাখাত মহকুমাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ মাজত ক্রীড়া কুইজ প্রতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ ক্ৰীড়া কুইজ প্ৰতিযোগিতাৰ উচ্চ শাখাত বোকাখাত শংকৰদেৱ শিশু নিকেতনৰ চয়নিকা দত্ত আৰু দেৱঞ্জন দলে প্ৰথম, কমাৰ গাওঁ মহাবিদ্যালয়ৰ মইনা বৰি আৰু দীপক শৰ্মাই দ্বিতীয়,  খ্ৰীষ্টজ্যোতি হাইস্কুলৰ ৰক্তিম বৰা আৰু ধ্ৰুৱজ্যোতি পাটগিৰি তৃতীয় স্থান লাভ কৰে ৷ একেদৰে নিম্নশাখাত খ্ৰীষ্টজ্যোতি স্কুলৰ অমৰীশ পল্লৱ গগৈ আৰু দেশ শৰ্মা প্ৰথম, ধনশিৰি ভেলী পাব্লিক স্কুলৰ আবিৰ শিভম তামুলী দ্বিতীয় আৰু বোকাখাত টাউন হাইস্কুলৰ আস্থাজিতা গগৈ আৰু জান্তিমনি বৰাই তৃতীয় স্থান লাভ কৰে ৷

*********