উজনিত নিম্নগামী ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ : নিমাতীঘাটত বিপদসীমাৰ তললৈ নামিল জলপৃষ্ঠ :

উজনিত নিম্নগামী ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ  : নিমাতীঘাটত বিপদসীমাৰ তললৈ নামিল জলপৃষ্ঠ  :
Aiidesh Photo

Aiidesh News  : 18 June 2023  :

কেন্দ্ৰীয় জল আয়োগৰ পৰা পোৱা তথ্য মতে দেওবাৰৰ দিনৰ ভাগত বোকাখাতৰ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰ ০.০৪ মিটাৰ নিম্নগামী হৈছে ৷ ধনশিৰিমুখৰ জলপৃষ্ঠ সম্প্ৰতি বিপদ সীমাৰ ০.০৬ মিটাৰ তলত আছে ৷ পুৰ্বানুমান মতে ধনশিৰিমুখত ২১ জুনলৈকে জলপৃষ্ঠ নিম্নগামী হোৱাৰ সম্ভাৱনা আছে ৷

নিমাতীঘাটত দেওবাৰৰ দিনটোত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ০.২৩ মিটাৰ হ্ৰাস পাইছে আৰু পানী কমি আছে ৷ নিমাতীঘাটৰ জলপৃষ্ঠ সম্প্ৰতি বিপদসীমা তললৈ নামি বিপদসীমাৰ ০.১০ মিটাৰ তললৈ নামিছে ৷ ২১ জুনলৈ জলপৃষ্ঠ নিম্নগামী হৈ থকাৰ সম্ভাৱনা আছে ৷ ইফালে দেওবাৰৰ দিনটোত ডিব্ৰুগড়ত জলপৃষ্ঠ ০.০৩ মিটাৰ হ্ৰাস পাইছে ৷ সম্প্ৰতি ডিব্ৰুগড়ৰ জলপৃষ্ঠ ০.৭৬ মিটাৰ তলেৰে বৈ আছে  ৷ পাচিঘাটতো দিনৰ ভাগত ০.০৩ মিটাৰ হ্ৰাস পাইছে চিয়াং নদীৰ জলপৃষ্ঠ ৷ পুৰ্বানুমানমতে  ২২ জুনতহে চিয়াং জলপৃষ্ঠ পুনৰ বৃদ্ধিৰ সম্ভাৱনা আছে ৷

পুৰ্বানুমান মতে ডিব্ৰুগড়ত ২১ জুনৰ বিয়লিৰ পৰা,  নিমাতীঘাটত ২১ জুনৰ বিয়লিৰ পৰা আৰু ধনশিৰিমুখত ২২ জুনৰ পৰাহে ব্ৰহ্মপুত্ৰ নদী জলপৃষ্ঠ বৃদ্ধিৰ সম্ভাৱনা আছে ৷

বৃষ্টিপাত  - বিগত ২৪ ঘন্টাত উজনি অসম আৰু অৰুণাচলৰ টুটিংত ২ মিলিমিটাৰ, ইংকিয়ংত ০ মিলিমিটাৰ, পাচিঘাটত ৬.৬ মিলিমিটাৰ, ডিব্ৰগড়ত ০ মিলিমিটাৰ, নিমাতীঘাটত ২১.৮ মিলিমিটাৰ আৰু ধনশিৰিমুখত সৰ্বাধিক ৫৪.২৫ মিলিমিটাৰ বৃষ্টিপাত হোৱাৰ তথ্য পোৱা গৈছে ৷

ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নদপৰীয়া হোলা আৰু নলাবোৰেৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী প্ৰৱেশ কৰিছে যদিও প্লাৱিত কৰিব পৰা নাই ৰাষ্ট্ৰীয় উদ্যানখন ৷

******