ৰঙাঘৰলৈ বিতৰ্কিত অধ্যাপিকা ৰূপাৰাণী ভূঞা

ৰঙাঘৰলৈ বিতৰ্কিত অধ্যাপিকা ৰূপাৰাণী ভূঞা

চৈয়দ আব্দুল মালিক সন্দৰ্ভত ছচিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য কৰি অৱশেষত ৰঙাঘৰৰ আলহী হল মঙলদৈ কলেজৰ অধ্যাপিকা ৰূপাৰাণী ভূঞা । অধ্যাপিকাগৰাকীৰ বিতৰ্কিত মন্তব্যৰ পাচতেই ৰাজ্যজুৰি বহুকেইটা দল-সংগঠনে ৰুজু কৰিছিল গোচৰ । এই গোচৰৰ ভিত্তিতে দৰং জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অধ্যাপিকাগৰাকীক ।

মঙলদৈ কলেজৰ ইংৰাজী বিভাগৰ এইগৰাকী অধ্যাপিকাগৰাকীয়ে নিজৰ ফেচবুক পোষ্টত যশস্বী সাহিত্যিক চৈয়দ আব্দুল মালিকৰ মই অসমীয়া শীৰ্ষক কবিতাটোৰ ওপৰত এক মন্তব্য দাঙি ধৰিছিল । ইয়াৰ পাচতেই ৰূপাৰাণী ভূঞাৰ এই বক্তব্যত ক্ষুণ্ণ হৈ পৰিছিল প্ৰতিজন অসমীয়া । চৈয়দ আব্দুল মালিকৰ জন্মস্থান গোলাঘাটৰ নাহৰণিৰ বহুকেইটা সংগঠনৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ লোকেও এইগৰাকী অধ্যাপিকাৰ বিৰুদ্ধে দাখিল কৰিছিল গোচৰ ।