বোকাখাতত শিক্ষকক গুলীয়াই মটৰচাইকেল লৈ যোৱা ঘটনাৰ পিচত বোকাখাত আৰক্ষীৰ অভিযান : শিক্ষক উদয় চাংমাইৰ মটৰ চাইকেলৰ লগতে দুৰ্বৃত্তই ব্যৱহাৰ কৰা এখন মটৰচাইকেল আৰু এজনক আটক :

বোকাখাতত শিক্ষকক গুলীয়াই মটৰচাইকেল লৈ যোৱা ঘটনাৰ পিচত বোকাখাত আৰক্ষীৰ অভিযান : শিক্ষক উদয় চাংমাইৰ মটৰ চাইকেলৰ লগতে দুৰ্বৃত্তই ব্যৱহাৰ কৰা এখন মটৰচাইকেল আৰু এজনক আটক  :

Aiidesh News  : 17 November 2023 : 

বোকাখাতৰ সমীপৰ লতাবাৰীত ১৬ নবেম্বৰৰ বিয়লি সংঘৰ্টিত চাঞ্চল্যকৰ ঘটনাৰ পিচতে গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিংৰ তত্বাৱধানত বোকাখাতত আৰক্ষীয়ে অভিযান চলায়  ৷ আৰক্ষীৰ অভিযানৰ মাজতে ডিফলু উচ্চ মাধ্যমিক বিদ্যালয়ৰ কম্পিউটাৰ শিক্ষক উদয় চাংমাই গুলীয়াই পেলাই থৈ লৈ যোৱা শিক্ষক জনৰ এ এছ ০৫ টি ৭২০৩ নম্বৰৰ বাজাজ ডমিন’ৰ মটৰ চাইকেলখন বোকাখাত নগৰৰ ৫ নম্বৰ ৱাৰ্ডৰ মিলনপুৰৰ পৰা পৰিতক্ত অৱস্থাত উদ্ধাৰ হয় ৷ নিশা মিলনপুৰত পথৰ কাষতে পৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি বোকাখাত আৰক্ষীক জনায় ৷ আৰক্ষীৰ অভিযানৰ তীব্ৰতাৰ বাবেই দুৰ্বৃত্তই চোৰ কৰি নিয়া মটৰচাইকেলখন এনেকৈ এৰি যায় বুলি সন্দেহ কৰা হৈছে ৷ 

১৬ নৱেম্বৰৰ বিয়লি বোকাখাতৰ লতাবাৰীত সংঘৰ্টিত ঘটনাস্থলীৰ পৰা অভিযানকাৰী আৰক্ষীয়ে এটা ৭.৬৫ পইন্টৰ পিষ্টলৰ গুলী উদ্ধাৰ কৰিছে ৷ যাৰ বাবে শিক্ষক উদয় চাংমাইক ৭.৬৫ পইন্টৰ পিষ্টলেৰেই গুলিয়াৰ সম্ভাৱনা প্ৰকট কৰিছে আৰক্ষীয়ে ৷

ইফালে মটৰ চাইকেল চলায় যোৱা শিক্ষক উদয় চাংমাইক গুলীয়াই মটৰচাইকেল কাঢ়ি নিয়া কাৰ্যত দুৰ্বৃত্তই ব্যৱহাৰ কৰা এ এছ ০৫ ই ২৪৫২ নম্বৰৰ গ্লেমাৰ মটৰ চাইকেল খন বোকাখাত আৰক্ষীয়ে বোকাখাতৰে সমীপৰে ৰজা গাওঁৰ এটা ঘৰৰ পৰা উদ্ধাৰ কৰিছে ৷ লগতে ১৭ নৱেম্বৰৰ পুৱাতেই এই গ্লেমাৰ মটৰচাইকেল খন ঘটনাৰ সময়ত ব্যৱহাৰ কৰা বাবু শইকীয়া নামৰ যুৱকজনকে আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ অভিযানকাৰী দলে ৷ সম্প্ৰতি ঘটনাৰ সম্পৰ্কত বোকাখাত আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ 

উল্লেখ্য যে ১৬ নবেম্বৰৰ দিনা বিয়লি  বোকাখাতৰ ডিফলু পথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কম্পিউটাৰ শিক্ষক উদয় চাংমাই বিদ্যালয়ৰ ছুটিৰ পিচত নিজৰ বাজাজ ডমিন’ৰ মটৰ চাইকেলেৰে বোকাখাতৰ সেউজীপাৰৰ নিজ বাসগৃহলৈ আহি থাকোতে লতাবাৰীৰ লক্ষীমন্দিৰৰ সমীপতে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষৰ পৰা দুৰ্বৃত্তই গুলী মাৰিছিল ৷ দুৰ্বৃত্তৰ গুলী উদয় চাংমাই সোঁভৰিত লগাত পথৰ ওপৰতে তেওঁ বাগৰি পৰাৰ সুযোগতে দুৰ্বৃত্তই শিক্ষক জনৰ মটৰচাইকেল খন লৈ উধাও হৈছিল ৷ ঘটনাৰ পিচত উদয় চাংমাইৰ সতীৰ্থ শিক্ষক আহি ঘটনাস্থলীত উপস্থিত হৈ উদয় চাংমাইক উদ্ধাৰ কৰি বোকাখাতৰ অসামৰিক চিকিৎসালয়লৈ আনে ৷ বোকাখাতত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি তেওঁ যোৰহাটৰ চিকিৎসা মহাবিদাযলয়ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল ৷ 

********