কাজিৰঙাত অৰ্কিড পাৰ্ক উন্মোচনৰ সময়ত গুৰুত্ব পাইছে চিকিমৰ বিশেষজ্ঞ ড°মোহন প্ৰধানৰ “সেউজীয়া কাজিৰঙা’ নামৰ বৰ্ণ শংকৰ জাত অৰ্কিডে :
Aiidesh News : 3 March - 2026 :
চিকিমৰ এজন খ্যাতনামা অৰ্কিড বিশেষজ্ঞ ড° মোহন প্ৰধানে বিগত ৮ বছৰ ধৰি চলোৱা গৱেষণা আৰু পদ্ধতিগত প্ৰচেষ্টাৰে এক নতুন প্ৰজাতিৰ বৰ্ণশঙ্কৰ অৰ্কিডৰ বিকাশ কৰিবলৈ সক্ষম হৈছে আৰু এই নতুন অৰ্কিডৰ নাম দিছে ‘সেউজীয়া কাজিৰঙা’ বা ‘গ্ৰীন কাজিৰঙা’। “সেউজীয়া” শব্দটোৱে অসমীয়াত সেউজ-সজীৱ প্ৰকৃতিৰ প্ৰতীক, আৰু “কাজিৰঙা” নামটোৱে বিশ্বখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বিশিষ্ট অৰ্কিড বিশেষজ্ঞ ড০ মোহন প্ৰধানে। সেউজীয়া ৰঙৰ আধিক্য আৰু প্ৰতীকী অৰ্থৰ বাবে ইয়াক সাধাৰণতে “গ্ৰীন কাজিৰঙা অৰ্কিড” বুলিও কোৱা হয় । গ্ৰীন কাজিৰঙা বা সেউজীয়া কাজিৰঙা নামৰ অৰ্কিডে অসমৰ এই উদ্ভিদ বৈচিত্ৰ্যক আৰু অধিক সমৃদ্ধ কৰিব বুলি আজি মন্তব্য প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ।
ইফালে আজি কাজিৰঙাৰ কঁহৰাত অসম চৰকাৰৰ কৃষি আৰু উদ্যান শস্য বিভাগে ২০ বিঘা ভূমিত ১৬ কোটি টকা ব্যয়েৰে নিৰ্মান কৰা কাজিৰঙা অৰ্কিড পাৰ্ক আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ড০ মোহন প্ৰধানৰ সৃষ্টিৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এক্স হেণ্ডলৰ জড়িয়তে জনায় যে এইয়া অসমৰ বাবে এক গৌৰৱৰ মুহূৰ্ত । চিকিমৰ প্ৰখ্যাত অৰ্কিড বিশেষজ্ঞ ড° মোহন প্ৰধানে আঠ বছৰীয়া নিষ্ঠাৰ অন্তত "সেউজীয়া কাজিৰঙা" নামেৰে এটি সুন্দৰ হাইব্ৰিড অৰ্কিড সৃষ্টি কৰিছে, যিটোৰ শ্ৰদ্ধাঞ্জলিয়ে প্ৰতিজন অসমীয়াৰ হৃদয় গৌৰৱেৰে ভৰাই তুলিছে । কাজিৰঙাত আজি উদ্বোধন কৰা "কাজিৰঙা অৰ্কিড পাৰ্কত ৯০০ ৰো অধিক দেশীয় আৰু বিদেশী প্ৰজাতিৰ অৰ্কিড সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি বিভাগীয় সুত্ৰত প্ৰকাশ । গ্ৰীন কাজিৰঙা নামৰ বৰ্ণশংকৰ নতুন অৰ্কিডে বিজ্ঞান, পৰিচয় আৰু প্ৰকৃতি সংৰক্ষণৰ এক অনন্য সংমিশ্ৰণ বুলি বৰ্ণনা কৰি আজি কাজিৰঙা অৰ্কিড পাৰ্ক উন্মোচক অন্য এক মৰ্যদা দিয়া বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে । সেউজীয়া কাজিৰঙা অৰ্কিড অসমৰ বাবে বৈজ্ঞানিক আৰু সাংস্কৃতিক গৌৰৱৰ প্ৰতীক বুলি বিশেষজ্ঞ সকলেও মন্তব্য কৰিছে ।
***********







