খাদ্য বিচাৰি জনাঞ্চল পালেহি গজৰাজ

খাদ্য বিচাৰি জনাঞ্চল পালেহি গজৰাজ
খাদ্য বিচাৰি জনাঞ্চল পালেহি গজৰাজ

হানগৰৰ পাঞ্জাবাৰীত আজি পুৱাই এটা বনৰীয়া হাতীয়ে তীব্র আতংকৰ সৃষ্টি কৰে৷ খাদ্যৰ সন্ধানত অহা বনৰীয়া হাতীটোৱে প্রথমে নামঘৰ পথৰ এজন লোকৰ ঘৰৰ দেৱাল ভাঙি চৌহদৰ ভিতৰত প্রৱেশ কৰে আৰু চৌহদৰ ভিতৰত থকা কলগছ ভাঙি নিজৰ খাদ্য খাই আন কেইবাটাও পৰিয়ালৰ বাসগৃহত প্রৱেশ কৰে৷

অৱশ্যে হাতীটোৱ কোনো সম্পত্তিৰ ক্ষতিসাধন কৰা নাই৷ বহু চেষ্টাৰ অন্তত স্থানীয় লোক আৰু বনকর্মীয়ে বনৰীয়া হাতীটোক আমছাং অভয়াৰণ্যলৈ ঘূৰাই পঠিয়াবলৈ সক্ষম হয়৷ উল্লেখযোগ্য যে খাদ্য আৰু বাসস্থানৰ অভাৱৰ বাবেই জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈ পৰিছে বনৰীয়া জন্তু৷ বনাঞ্চলত অভাৱ হৈছে বনৰীয়া জীৱ-জন্তুৰ খাদ্য৷ জনবিস্ফোৰণৰ ফলত বৃদ্ধি পোৱা অবাধ বনধবংসৰ বাবেই হাতী-মানুহৰ সংঘাতে তীব্র ৰূপ ধাৰণ কৰিছে৷

বনৰীয়া হাতী চলা-ফুৰা কৰা পথবোৰ বন্ধ হৈ পৰাৰ বাবেই বনৰীয়া হাতী অধিক উগ্র হৈ পৰিছে৷ কামৰূপ মহানগৰ জিলাতেই মুঠ ২১,৬৭৯ হেক্টৰ মাটিকালিৰ ৭,১১৭ হেক্টৰ মাটিকালি পাহাৰেৰে আগুৰি থকাৰ লগতে ২,৬৪২ হেক্টৰ মাটিকালিত সংৰক্ষিত বনাঞ্চল আছে৷

চৰকাৰী তথ্য অনুসৰি মহানগৰত থকা মুঠ ১৮খন পাহাৰত ৭৫খন গাঁও থকাৰ লগতে ২৬,৯৮৫টা বাসগৃহ আছে৷ কিন্তু চৰকাৰৰ এই তথ্যৰ বিপৰীতে মহানগৰৰ পাহাৰ অঞ্চলসমূহত জনসংখ্যা তথা বাসস্থান পূর্বতকৈ অধিক বৃদ্ধি পাইছে৷ জনসংখ্যা অধিক বৃদ্ধি পোৱাৰ বিপৰীতে এতিয়া জধে-মধে পাহাৰ আৰু বনাঞ্চল দখল কৰি বাসগৃহ নির্মাণ কৰাৰ ফলত পাহাৰৰে পাহাৰ-বনাঞ্চলৰ সেউজ আৱৰণ টকলা হৈ পৰিছে৷ ইয়াৰ ফলতেই আৰম্ভ হোৱা জন্তু-মানুহৰ সংঘাত আৰু বৃদ্ধি পোৱাৰ ইংগিত আহিছে৷