নুমলীগড়ত ভাৰতীয় মজদুৰ সংঘৰ অষ্টাদশ ৰাজ্যিক অধিৱেশন : ৰঞ্জন কুমাৰ শৰ্মাক ৰাজ্যিক সভাপতি আৰু ভাস্কৰ দাসক ৰাজ্যিক সম্পাদক নিৰ্বাচিত :

নুমলীগড়ত ভাৰতীয় মজদুৰ সংঘৰ অষ্টাদশ ৰাজ্যিক অধিৱেশন : ৰঞ্জন কুমাৰ শৰ্মাক  ৰাজ্যিক সভাপতি আৰু ভাস্কৰ দাসক ৰাজ্যিক  সম্পাদক নিৰ্বাচিত  :
Aiidesh Photo

Aiidesh News  : 15 February 2024 : 

ভাৰতীয় মজদুৰ সংঘ অসম প্ৰদেশৰ অষ্টাদশ ত্রি-বার্ষিক অধিবেশন ১০ আৰু ১১ ফেব্ৰুৱাৰীত নুমলীগড়ৰত সফলতাৰে সামৰণি পৰে । ভাৰতীয় মজদুৰ সংঘ গোলাঘাট জিলা সমিতি, নুমলীগড় ৰিফাইনেৰী এমপ্লইজ ইউনিয়ন আৰু নুমলীগড় ৰিফাইনেৰী কন্ট্রেকচুৱেল ৱকাৰ্চ ইউনিয়নৰ উদ্যোগত নুমলীগড় শোধনাগাৰৰ আয়োজিত এই ৰাজ্যিক অধিৱেশনৰ ১০ ফেব্রুৱাৰীৰ পুৱা পতাকা উত্তোলন কৰে ৰাজ্যিকৰ সভানেত্রী দিপ্তী বৰা শইকীয়া আৰু স্মৃতি তর্পণ কৰে ভাৰতীয় মজদুৰ সংঘৰ সভাপতি হিৰণময় পাণ্ডিয়াই । পৰৱৰ্তী সময়ত নুমলীগড় শোধনাগাৰৰ নগাৰঞ্চলৰ কুঞ্জকাননৰ সার্বজনীন কেন্দ্রত প্রতিনিধি সভা অনুষ্ঠিত হয় । 

অসম প্রদেশৰ উপ-সভাপতি ৰিপুণ শইকীয়া আৰু আদৰণি সমিতিৰ সম্পাদক ড৹ প্রাঞ্জল তামুলীয়ে আঁত ধৰা এই সভাত সাধাৰণ সম্পাদক নৱ কুমাৰ গগৈয়ে প্রতিবেদন পাঠ কৰে ৷ প্রতিনিধি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ভাস্কৰ দাসে । প্রতিনিধি সভাত প্রণৱজ্যোতি শইকীয়াৰ সম্পাদনাত প্রকাশিত স্মৃতিগ্রন্থ 'মুক্তকণ্ঠ' উন্মোচন কৰে নুমলীগড় শোধনাগাৰৰ মহাপ্ৰবন্ধক মিন্টু কুমাৰ সন্দিকৈয়ে । ৰাজ্যখনৰ তৈল খণ্ড, ৰেল বিভাগ, ঔদ্যোগিক প্ৰতিষ্ঠান, বিমান পৰিবহন, শক্তি খণ্ড, বেংককে ধৰি সংগঠিত আৰু অঙ্গনবাড়ী, স্বাস্থ্য সেৱিকা, চাহ মজদুৰ সংঘ আদি অসংগঠিত শ্রমিক সংগঠনৰ শতাধিক নেতাই অংশ গ্রহণ কৰা এই অধিৱেশনৰ এখন মহিলা সত্রও অনুষ্ঠিত হয় । শতাধিক মহিলা উপস্থিত থকা এই মহিলা সত্রত জিলা পৰিষদৰ সদস্যা পূৰৱী শর্মা দেৱী, ৰাষ্ট্রীয় কার্যকৰী সদস্যা দীপা ভৰালী, ৰাষ্ট্রীয় নেত্রী পুষ্পা ৰাণী আদিয়ে অংশ লয় । প্ৰতিনিধি সভাত ভাৰতীয় মজদুৰ সংঘৰ অসম প্রদেশৰ পৰৱর্তী সভাপতি হিচাপে গুৱাহাটীৰ ৰঞ্জন কুমাৰ শৰ্মাক, তিনিচুকীয়াৰ ৰাজীৱ বৰাক কার্যকৰী সভাপতি, শিৱসাগৰৰ ভাস্কৰ দাসক সাধাৰণ সম্পাদক, বিপুণ শইকীয়াক যুটীয়া সম্পাদক হিচাপে দায়িত্ব অর্পণ কৰা হয় । গোলাঘাট জিলাৰ পৰা পীতাম্বৰ বৰা আৰু প্ৰণৱজ্যোতি শইকীয়াক ৰাজ্যিক কার্যনির্বাহকলৈ মনোনীত কৰা হয় ৷

১১ ফেব্রুবাৰীত নুমলীগড়ৰ বিষ্ণুপুৰ ৰাজহুৱা খেলপথাৰত জিলাখনৰ বিভিন্ন প্রান্তৰ বিশটাৰো অধিক বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ অংশ গ্রহণৰে সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয় ৷ শোভাযাত্ৰা উদ্বোধন কৰে ৰাষ্ট্রীয় সভাপতি হিৰণময়ী পাণ্ডিয়াই । পৰৱৰ্তী সময়ত অনুষ্ঠিত মুকলি সভাৰ আঁত ধৰে অসম প্রদেশৰ উপ-সভাপতি ৰিপুণ শইকীয়াই। মুকলি সভাৰ আদৰণী ভাষণ প্রদান কৰে সভাপতি ভদ্রেশ্বৰ বৰাই আৰু গোলাঘাট জিলাৰ কার্যকৰী সভাপতি পীতাম্বৰ বৰাই । মুকলি সভাত নুমলীগড় ৰিফাইনেৰী এমপ্লইজ ইউনিয়নৰ  সাধাৰণ সম্পাদক বিনোদ গগৈ, ভাৰতীয় মজদুৰ সংঘৰ ৰাষ্ট্রীয় সহকাৰী সাংগঠনিক সম্পাদক গনেশ মিশ্র, ৰাষ্ট্রীয় সভাপতি হিৰণময়ী পাণ্ডিয়া উপস্থিত থাকে । 

**********