কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ উদ্য়োগত কাঠফুলাৰ ব্যঞ্জন প্ৰস্তুত কৰাৰ প্ৰশিক্ষন :
Aiidesh News : 26 December - 2023 :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত ২৫ ডিচেম্বৰৰ দিনা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় ডিফলু পথাৰ আহোম গাওঁত কাঠফুলাৰ পৰা ৰান্ধিব পৰা বিভিন্ন ব্যঞ্জনৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ ডিফলু পথাৰ আহোম গাওঁ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ উদ্যোগত গাওঁখনত আৰম্ভ কৰা কাঠফুলা উৎপাদন আঁচনিৰ অধিনতে আজি উৎপাদিত কাঠফুলাৰে বিভিন্ন ব্যঞ্জন প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ মাচৰুম ফাউণ্ডেচন নামৰ সংগঠনটোৰ সম্পাদক প্ৰাঞ্জল বৰুৱাই সমল ব্যক্তি হিচাবে উপস্থিত থাকি গাওঁৰ মহিলা সকলক কাঠফুলাৰ বিভিন্ন ব্যঞ্জন প্ৰস্তুত কৰিবলৈ শিকায় ৷ প্ৰশিক্ষণত মহিলা সকলক কাঠফুলাৰ পৰা পকৰি, চুপ, পায়স, চেণ্ডউইচ, পাপৰ আদি ব্যঞ্জন বনাবলৈ প্ৰশিক্ষন দিয়া হয় ।
প্ৰশিক্ষনত ডিফলু পথাৰ আহোম গাওঁ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ সদস্য সচিব শশাংক শইকীয়া, কাজিৰঙাৰ সঞ্চালকৰ কাৰ্যালয়ৰ গীতাঞ্জলি কলিতা আৰু পৰিৱেশ কৰ্মী উত্তম শইকীয়াৰ উপৰিও ডিফলু পথাৰ আহোম গাওঁৰ মহিলা সকলে অংশ গ্ৰহন কৰে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান কৰ্তৃপক্ষৰ উদ্য়োগত কাষৰীয় গাওঁবোৰৰ মহিলা সকলক স্বাৱলম্বী আৰু আৰ্থিক দিশত সৱল কৰাৰ উদ্য়েশেৰেই এই কাৰ্যসুচী হাতত লোৱা হৈছে । এই আঁচনিৰে ডিফলু পথাৰ আহোম গাওঁৰ মহিলা সকলক কাঠফুলাৰ প্ৰশিক্ষণ দিয়াৰ উপৰিও বিনামুলীয়াকৈ উন্নজাতৰ কাঠফুলাৰ বীজ যোগান ধৰাৰ উপৰিও কাঠফুলা খেতি কৰিব পৰাকৈ ঘৰো নিৰ্মান কৰি দিয়া হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিয়ে হাতত লোৱা এনে আঁচনিত সন্তোষ প্ৰকাশ কৰিছে গাওঁৰ মহিলা সকলে । কাজিৰঙাৰ সঞ্চালক ড০ সোনালী ঘোষে শুভাৰম্ভ কৰা কাঠফুলা উপাদনৰ এই প্ৰশিক্ষনৰ অধীনত ডিফলু পথাৰ আহোম গাওঁৰ ৩০ গৰাকী মহিলাই ইতিমধ্য়েই কাঠফুলা উৎপাদন আৰম্ভ কৰিছে । ৯ আৰু ১০ জানুৱাৰীত কাজিৰঙাত হ’ব লগা পক্ষী সংৰক্ষণ উৎসৱতো ডিফলু পথাৰ আহোম গাওঁৰ মহিলা সকলে কাঠফুলাৰ ব্য়ঞ্জনৰ বিপনন কৰিব ।
************
 
                        


 Aiidesh News
                                    Aiidesh News                                 
                 
                 
                 
                 
                 
                 
                

 
         
         
         
         
         
        
 
         
         
 
 
         
         
         
         
         
         
         
 
         
         
         
 
 
         
         
         
         
								 
								 
 
								 
								 
 
								 
								 
								 
								
