বোকাখাতৰ কলাখোৱা গাওঁত জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ বিশেষ শিৱিৰ :

বোকাখাতৰ কলাখোৱা গাওঁত জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ বিশেষ শিৱিৰ :
Aiidesh Photo
বোকাখাতৰ কলাখোৱা গাওঁত জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ বিশেষ শিৱিৰ :

Aiidesh News : 2 April - 2024 : 

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধীনত কলাখোৱা গাওঁত ২৯ মাৰ্চৰ পৰা চলি থকা বিশেষ শিৱিৰৰ আজি সামৰণী পৰে ৷ ২৯ মাৰ্চৰ পৰা চলা এই চাৰিদিনীয়া শিৱিৰত মহাবিদ্যালয়ৰ ৫০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে স্বেচ্চাসেৱক হিচাবে অংশ গ্ৰহন কৰে ৷ মহাবিদ্যালয় খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ জেষ্ঠ সমন্বয়ক প্ৰশান্ত শইকীয়া আৰু মতিৰাম দাসৰ তত্বাৱধানত চলি এই সেৱা শিৱিৰত অংশ গ্ৰহন কৰা ছাত্ৰ ছাত্ৰী সকলে বিগত চাৰিটা দিনত কলাখোৱা গাওঁৰ আৰ্থ সামাজিক অধ্যয়ন কৰাৰ উপৰিও কলাখোৱা অনুসুচীত জাতি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ সৈতে যোগাসনৰ অনুশীলন কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে ৷ আৰ্থ সামাজিক অধ্যয়নৰ সময়ত গাওঁবাসীৰ সমস্যা আদিৰ বিষয়ে আলোচনা কৰি প্ৰতিবেদনো প্ৰস্তুত কৰে ৷ 

আজি গাওঁখনৰ কলাখোৱা অনুসুচীত জাতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত এই শিৱিৰৰ সামৰণী অনুষ্ঠান অনুষ্ঠিত হয় ৷ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ মুল গীতেৰে আৰম্ভ হোৱা এই সামৰণী অনুষ্ঠানত পৌৰহিত্য কৰে অধ্যাপক প্ৰশান্ত শইকীয়াই ৷ অনুষ্ঠানত জে ডি এছ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জয়ন্ত গগৈ, অৱসৰ প্ৰাপ্ত অধ্যাপক প্ৰশান্ত ফুকন, পৰিৱেশ কৰ্মী তথা বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়া, অধ্যাপক ক্ৰমে ড৹ শান্তিছায়া বৰুৱা, ৰুলী খনিকৰ,  মতিৰাম দাস, শশাংক ধৱল শইকীয়া, কলাখোৱা অনুসুচীত জাতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পূণ্যপ্ৰভা গগৈ, সহকাৰী শিক্ষক সোমেশ্বৰ দাস আৰু সহকাৰী অধ্যাপক অংগৰাগ শাণ্ডিল্যই  অংশ গ্ৰহন কৰে ৷ অনুষ্ঠানত অধ্যক্ষ ড৹ জয়ন্ত গগৈয়ে জে ডি এছ জি মহাবিদ্যালয়ৰ  শৈক্ষিক দিশ, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কৰ্মসুচী আদিৰ  বাখ্যা কৰাৰ লগতে পৰিৱেশ কৰ্মী উত্তম শইকীয়াই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পটভূমিত পৰিবেশ , বন্যপ্ৰাণী সংৰক্ষণ আৰু নতুন প্ৰজন্মৰ বাবে সংস্থাপনৰ সুবিধা শীৰ্ষক আলোচনা আগবঢ়ায় ৷ অনুষ্ঠানত সেৱা শিৱিৰত অংশ গ্ৰহন কৰা ছাত্ৰ ছাত্ৰী সকলেও নিজৰ অভিজ্ঞতা ব্যক্ত কৰে ৷

**********