চীনৰ পৰা অনা পিপি ই কিট ব্যৱহাৰ নকৰে অসমে

চীনৰ পৰা অনা  পিপি ই কিট ব্যৱহাৰ নকৰে অসমে

স্বাস্হ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চীনৰ পৰা অনা পিপি ই কিটখিনিক লৈ সৃষ্টি হোৱা বিৰ্তকত ব্যাপক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

এক সংবামেল যোগে তেওঁ উল্লেখ কৰে যে, এই বিষয়টোক লৈ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলেও যথেষ্ট শংকাত ভুগিছে। সেয়েহে তেওঁলোকৰ মানসিক শান্তিৰ বাবে বৰ্তমান সময়ত আমি এই কিটসমূহ ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত লৈছো।বৰ্তমান অসম চৰকাৰৰ হাতত প্ৰায় ডেৰ লাখ পি পি ই কিট মজুত আছে। গতিকে এই সময়খিনিত আমি এই কিটখিনিৰেই কাম চলাব পাৰিম। যদিহে অনাগত সময়ত আমাৰ পি পি কিটৰ অভাৱ হয়, তেতিয়া পৰীক্ষা কৰি এই পি পি কিট সমূহ ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰিম। বৰ্তমান চীনৰ পৰা অহা এই কিটসমূহ পৃথককৈ অন্য গুদামত ৰখাৰ লগতে এই কিট সমূহৰ বাবদ বিলো আদায় নিদিয়াৰ কথা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে।

তেওঁ লগতে কয়, বৰ্তমান অসম চৰকাৰৰ হাতত প্ৰায় ডেৰ লাখ পি পি ই কিট মজুত আছে। গতিকে এই সময়খিনিত আমি এই কিটখিনিৰেই কাম চলাব পাৰিম। যদিহে অনাগত সময়ত আমাৰ PPE কিটৰ অভাৱ হয়, তেতিয়া পৰীক্ষা কৰি এই পি পি কিট সমূহ ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰিম।

উল্লেখযোগ্য যে, যোৱা ১৫ এপ্ৰিলত দেশৰ ভিতৰত প্ৰথম ৰাজ্য অসমে পোনে পোনে চীনৰ পৰা লাভ কৰিছিল ৫০হাজাৰ পিপিই কিট। চীনৰ পৰা অসমলৈ ‍বিশেষ বিমানযোগে অনা হৈছিল এই ৫০ হাজাৰ পি পি ই কিট। চীনৰ গুৱাংঝাওৰ পৰা অনা হৈছিল এই কিটসমূহ।