হাতীখুলি চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত কৰবেট ফাউণ্ডেশ্যনৰ উদ্যোগত ৰাষ্ট্ৰীয় বিপন্ন প্ৰজাতি দিৱস উদযাপন :

হাতীখুলি চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত কৰবেট ফাউণ্ডেশ্যনৰ উদ্যোগত ৰাষ্ট্ৰীয় বিপন্ন প্ৰজাতি দিৱস উদযাপন  :
Aiidesh Photo
হাতীখুলি চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত কৰবেট ফাউণ্ডেশ্যনৰ উদ্যোগত ৰাষ্ট্ৰীয় বিপন্ন প্ৰজাতি দিৱস উদযাপন  :

Aiidesh News  : 18 May - 2024  :

বোকাখাত উপ জিলাৰ হাতীখুলি চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন কৰবেট ফাউণ্ডেশ্যনৰ উদ্যোগত ৰাষ্ট্ৰীয় বিপন্ন প্ৰজাতি দিৱস পালন কৰা হয় । উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত জলবায়ু পৰিবৰ্তন শীৰ্ষক এক সজাগতা সভা অনুষ্ঠিত কৰে । সভাত সমল ব্যক্তি ৰূপে কৰবেট ফাউণ্ডেশ্যনৰ প্ৰগ্ৰেম বিষয়া আশীষ থোকে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় কৰে । পৰৱৰ্তী সময়ত বিদ্যালয়ৰ চৌদিশে ৫১ টা গছপুলি ৰোপন কৰি শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকলক দলীয়ভাৱে পুলি সমূহ প্ৰতিপালনৰ দায়িত্ব প্ৰদান কৰে । অনুষ্ঠানত সহযোগিতা আগবঢ়োৱাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ ছাত্ৰীক উপৰিও কৰবেট ফাউণ্ডেশ্যনক ধন্যবাদ জনাই বিদ্যালয় খনৰ প্ৰধান শিক্ষক প্ৰনৱ হাজৰিকাই ।

**********