চীন আৰু আমেৰিকাৰ বিজ্ঞানী সকলে কঢ়িয়াই আনিছে এক আশাৰ বাৰ্তা

চীন আৰু আমেৰিকাৰ বিজ্ঞানী সকলে কঢ়িয়াই আনিছে এক আশাৰ বাৰ্তা
এক আশাৰ বাৰ্তা

Covid-19 য়ে গোটেই পৃথিৱীত যি সময়ত সংহাৰী ৰূপ ধাৰণ কৰিছে, সেই সময়ত ক'ৰুণা ভাইৰাছত আক্ৰান্ত পৃথিৱীৰ লাখ লাখ ৰোগীলৈ চীন আৰু আমেৰিকাৰ বিজ্ঞানী সকলে কঢ়িয়াই আনিছে এক আশাৰ বাৰ্তা। ইতিমধ্যে চীনৰ চিকিৎসা বিজ্ঞানী সকলে এই কথা সদৰী কৰিছে যে Covid19 ত আক্ৰান্ত ৰোগীৰ চিকিৎসাত Plasma Therapy হৈছে চিকিৎসা বিজ্ঞানৰ আন এক যুগান্তকাৰী অৱদান।

মানুহৰ তেজৰ মূল উপাদান হৈছে প্লাজমা (Plasma) । ই তেজৰ জুলীয়া আধাৰ। প্লাজমাত তেজৰ আন গোটা অংশ সমূহ ভাঁহি থাকে। লোহিত ৰক্ত কোষ , শ্বেত ৰক্ত কোষ , অনুচক্ৰিকা (Platelets) , কোনো বীজাণুৰ সংক্ৰমণৰ ফলত উদ্ভৱ হোৱা Anti Body তেজৰ প্লাজমাত ভাঁহি থাকে।

যিহেতু এতিয়ালৈকে Covid-19 ৰ ভেকচিন আৱিষ্কাৰ হোৱা নাই। পৃথিৱীৰ বহু কেইখন উন্নত দেশৰ বিজ্ঞানী সকলে দিনে নিশাই ইয়াৰ বাবে গৱেষণা আৰু অধ্যয়ন কৰি আছে। সম্প্ৰতি, চীনে Covid-19 ত আক্ৰান্ত হৈ সুস্থ হৈ উঠা বহু ৰোগীৰ দেহৰ পৰা তেজত থকা এই বহুমূলীয়া প্লাজমা সংগ্ৰহ কৰি, বিশেষ বৈজ্ঞানিক পদ্ধতিৰে সেই প্লাজমা অন্য Covid-19 ৰোগীৰ দেহত প্ৰয়োগ কৰি বহু সুফল লাভ কৰিছে। চীনে যোৱা 28 ফেব্ৰুৱাৰীত এই Plasma Therapy 245 জন ৰোগীৰ দেহত প্ৰয়োগ কৰিছে আৰু সেই অনুপাতে ফলাফলো যোগাত্মক বুলি সদৰী কৰিছে।

Journal of American Medical Association ৰ মার্চ মাহৰ সংখ্যাত কোৱা হৈছে যে চীনৰ Shenzhen প্ৰদেশত 5 জন Covid-19 ৰোগীৰ দেহত এই Plasma Therapy প্রয়োগ কৰি 3 জন ৰোগী সম্পূৰ্ণ আৰোগ্য হৈ উঠিছে আৰু 2 জনৰ স্বাস্থ্য দ্ৰুত উন্নতি ঘটিছে। আনহাতে, চীনৰ বিজ্ঞানী সকলৰ এই সফলতা দেখি আমেৰিকাৰ Food and Drug Administration য়ে যোৱা 3 এপ্ৰিলত মুকলি কৰিছে National Covid 19 Convalescent Plasma Project ।

আমেৰিকাৰ Houston Methodist Hospital ত পোন প্ৰথমবাৰৰ বাবে যোৱা 4 এপ্ৰিলত Covid19 আক্রান্ত হৈ সম্পূৰ্ণ আৰোগ্য লাভ কৰা এগৰাকী লোকৰ দেহৰ পৰা Plasma সংগ্ৰহ কৰা হৈছে। আমেৰিকাই আৰু 250 জন তেনে ব্যক্তিৰ দেহৰ পৰা প্লাজমা সংগ্ৰহ কৰি চীনৰ আৰ্হিত Covid-19 ৰোগীৰ চিকিৎসা আৰম্ভ কৰাৰ কথা উল্লেখ কৰিছে।

চীনে যোৱা 1 ফেব্ৰুৱাৰীত তেনে এগৰাকী লোকৰ পৰা প্ৰথম Plasma সংগ্ৰহ কৰি 8 ফেব্ৰুৱাৰীত ইয়াক প্ৰথম ব্যৱহাৰ কৰিছিল। চীন আৰু আমেৰিকাৰ বিজ্ঞানী সকলৰ এই প্ৰচেষ্টা সম্পূৰ্ণ সফল হৈ উঠিলে মানৱ জাতিয়ে এই মহা সংকটৰ পৰা কিছু হলেও উদ্ধাৰ পাবলৈ সক্ষ