প্রধানমন্ত্রীৰ আহবানলৈ চাকি, মম, ম’বাইল ফ্লেছ জ্বলাই সঁহাৰি

প্রধানমন্ত্রীৰ আহবানলৈ চাকি, মম, ম’বাইল ফ্লেছ জ্বলাই সঁহাৰি
Image Courtesy : @NARENDRAMODI

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আহবানৰ প্রতি সঁহাৰি জনাই আজি নিশা দেশজুৰি নিজ নিজ ঘৰৰ লাইট নুমুৱাই কৰ’না ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুঁজৰ একতা প্রদর্শন কৰে জনসাধাৰণে৷ এক কথাত লাইটৰ পোহৰত নহয়, মম আৰু চাকিৰ পোহৰত আজি ৯ বজাত ৯ মিনিটৰ বাবে উজলিল সমগ্র দেশ৷ দেশৰ অন্য প্রান্তৰ লগতে অসমতো প্রান্তে প্রান্তে আজি ৰাজ্যবাসীয়ে নিজ গৃহৰ লাইট নুমুৱাই মম আৰু চাকিৰ লগতে ম’বাইলৰ ফ্লাছ জ্বলাই দেশজুৰি চলি থকা কৰ’না-বিৰোধী যুঁজৰ অংশীদাৰ হয়৷

নিশা ৯ বজাৰ লগে লগে লকডাউনৰ বাবে গৃহবন্দী হৈ থকা ৰাজ্যবাসীয়ে লাইট নুমুৱাই ঘৰৰ বাৰাণ্ডা অথবা চোতালত চাকি, মম আৰু ম’বাইলৰ ফ্লাছ জ্বলাই প্রধানমন্ত্রীৰ আহবানলৈ সঁহাৰি দিয়ে৷ অৱশ্যে নিজ নিজ ঘৰতে থাকি এই কাম কৰিবলৈ আহবান জনোৱাৰ পাছতো অসমৰ একাধিক স্থানত কিছু অবুজ লোকে ফটকা ফুটোৱা পৰিলক্ষিত হয়৷

গুৱাহাটীৰ লগতে যোৰহাটত এনে একাধিক ঘটনা ঘটাৰ খবৰ পোৱা গৈছে৷ আনহাতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাত লাইট নুমুৱাই নিজে চাকি জ্বলাই প্রধানমন্ত্রী মোদীৰ আহবানলৈ সঁহাৰি দিয়ে৷ একেদৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসেও প্রধানমন্ত্রীৰ আহবানলৈ সঁহাৰি দিয়ে৷