ছুপাৰ ছাইক্ল’ন আমফানত ১২জনৰ মৃত্যু, কেইবাটাও অঞ্চলত ব্যাহত বিদ্যুৎ–ইণ্টাৰনেট সেৱা,বঙাইগাঁৱত হাই এলাৰ্ট জাৰি

ছুপাৰ ছাইক্ল’ন আমফানত ১২জনৰ মৃত্যু, কেইবাটাও অঞ্চলত ব্যাহত বিদ্যুৎ–ইণ্টাৰনেট সেৱা,বঙাইগাঁৱত হাই এলাৰ্ট জাৰি

ছুপাৰ ছাইক্লন আমফানে ওড়িশা আৰু পশ্চিম বংগত দেখুৱাইছে সংহাৰী ৰূপ। এই ঘূৰ্ণী বতাহত পশ্চিম বংগ আৰু ওড়িশাত প্ৰায় ১২জন লোকৰ মৃত্যু হৈছে। কেইবাটাও অঞ্চলত বৃহৎ ক্ষতিসাধন হৈছে এই ঘূৰ্ণী বতাহত। বুধবাৰে দুপৰীয়া আঢ়ৈ বজাৰ ভিতৰত পশ্চিম বংগৰ দীঘা আৰু বাংলাদেশৰ হাতিয়া দ্বীপৰ মাজৰ উপকূলত খুন্দা মাৰে আমফানে। বতাহৰ গতিবেগ বৰ্তমান কমিছে আৰু এই ঘূৰ্ণী বতাহ বাংলাদেশৰ দিশে গতি কৰিছে।পাৰ ছাইক্লন আমফানক লৈ বঙাইগাঁও প্ৰশাসনৰ হাই এলাৰ্ট জাৰি৷ আজি নাগৰিকক ঘৰৰ পৰা নোলাবলৈ আহ্বান জনাইছে প্ৰশাসনে। উল্লেখযোগ্য যে পশ্চিম অসমত আমফানৰ প্ৰভাৱ পৰিব পাৰে বুলি সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। সেয়ে জিলাখনত আমফানৰ প্ৰভাৱ পৰিলে হব পৰা ক্ষয়ক্ষতি যাতে হ্ৰাস কৰিব পৰা যায় তাৰ বাবে জিলাখনৰ লোকসকলক জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাবলৈ আহ্বান প্ৰশাসনৰ৷