পূৰ্ণ গতিত চলি আছে নামনি সোৱণশিৰীৰ নদী বান্ধৰ কাম

পূৰ্ণ গতিত চলি আছে নামনি সোৱণশিৰীৰ নদী বান্ধৰ কাম

লকদাউনৰ সুযোগ গ্ৰহণ কৰি  লক্ষীমপুৰ আৰু ধেমাজি জিলাৰ বাসিন্দাসকলৰ  জীৱনলৈ ভাবুকি কঢ়িয়াই অনা নামনি সোৱনশিৰি প্ৰকল্পৰ বাবে  সামগ্ৰী চোৰাংকৈ কঢ়িয়াই অনা বাসন সমুহ বুধবাৰে নিশা গহপুৰত আছু, যুৱ ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও  সংগঠনে   আবদ্ধ কৰি নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰে   । আৰক্ষীয়ে  জানিব পাৰি উক্ত  অঞ্চলত  উপস্থিত হৈ  একাংশ  প্ৰতিবাদকাৰীক  কৰায়ত্ব কৰি সেই অঞ্চলৰ পৰা গাড়ীসমূহ যাবলৈ সুবিধা কৰি  দিয়ে । সেই কথা জানিব পাৰি  আছু ,যুৱ ছাত্ৰ  পৰিষদকে আদি কৰি বিভিন্ন  দল সংগঠনে উৰে নিশা লখিমপুৰ পথত পহৰা দিয়ে আৰু অৱশেষত হাৰমতি অঞ্চলত  পুনৰ সেই  গাড়ীকেইখন আবদ্ধ কৰি থয় ।