বোকাখাতত চুতীয়া জনগোষ্ঠীৰ কৃৰ্তিমান ছাত্ৰ ছাত্ৰীক বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সম্বৰ্ধনা :

বোকাখাতত চুতীয়া জনগোষ্ঠীৰ কৃৰ্তিমান ছাত্ৰ ছাত্ৰীক বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সম্বৰ্ধনা  :
Aiidesh Photo

 Aiidesh News :  9 July : 

বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ চুতীয়া জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীক আজি বোকাখাতত সম্বৰ্ধনা আৰু বঁটা প্ৰদান কৰা হয় ৷ বোকাখাতৰ পুৱতি সাহিত্য সভাৰ প্ৰেক্ষাগৃহত আয়োজিত এই বিশেষ অনুষ্ঠানত পৌৰহিত্য কৰে ছাত্ৰ সংগঠনটোৰ মহকুমা সমিতিৰ সভাপতি মন্টু শইকীয়াই ৷ উদ্দেশ্য বাখ্যা কৰে সম্পাদক লাচিত কাকতীয়ে ৷ 

সম্বৰ্ধনা অনুষ্ঠানৰ প্ৰাক মুহুৰ্তত বোকাখাতৰ বিশিষ্ট লেখিকা প্ৰেৰণাময়ী প্ৰয়াত অন্নদা শইকীয়াৰ স্মৃতি চাৰণ আৰু সতী সাধনীৰ প্ৰতিচ্ছবিত মাল্য প্ৰদান কৰা হয় ৷ অন্নদা শইকীয়াৰ স্মৃতি চাৰণ অনুষ্ঠানত প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা বিশিষ্ট লেখক গোলোক চন্দ্ৰ বৰা আৰু  প্ৰতাপ চন্দ্ৰ নেওগে ৷ বীৰাংগনা সতী সাধনীৰ প্ৰতিচ্ছবিত মাল্যদান কৰে বোকাখাতৰ নিৰ্বাচনী বিষয়া ঋতুপৰ্ণা দাসে ৷ 

সম্বৰ্ধনা অনুষ্ঠানত বোকাখাত খীষ্টজ্যোতি স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৩.৭ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হোৱা নিলাদ্ৰী শইকীয়াক প্ৰয়াত অন্নদা শইকীয়া শৈক্ষিক বঁটা  আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৯০.৪ শতাংশ নম্বৰেৰে উতীৰ্ণ হোৱা বোকাখাত আৰোহণ একাডেমীৰ ছাত্ৰী মৃন্ময়ী বৰাক প্ৰমীলা বৰুৱা সোঁৱৰণীৰ শৈক্ষিক বঁটা প্ৰদান কৰা হয় ৷ দাঁতাৰ পৰিয়ালৰ হৈ প্ৰয়াত অন্নদা শইকীয়াৰ স্মৃতিত কনিষ্ঠ পুত্ৰ সঞ্জীৱ শইকীয়া আৰু তেওঁৰ পৰিবাৰ পপী শইকীয়া আৰু প্ৰমীলা বৰুৱাৰ পৰিয়ালৰ হৈ নাতিনীয়েক পংকজ প্ৰতিম বৰুৱাই এই শৈক্ষিক বঁটা প্ৰদান কৰে ৷ 

আজিৰ অনুষ্ঠানতে ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উতীৰ্ণ মুঠ ৩২  গৰাকী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বোকাখাত মহকুমাৰ মুঠ ২৮ গৰাকী চুতীয়া জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীক বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা উপহাৰৰ টোপোলা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷

সম্বৰ্ধণা অনুষ্ঠানত বোকাখাতৰ বিশিষ্ট নাগৰিক তথা প্ৰবীন সাংবাদিক ভৱেশ শইকীয়া,  সদৌ অসম দেউৰী চুতীয়া সাহিত্য সভাৰ সভাপতি প্ৰতাপ চন্দ্ৰ নেওগ, বোকাখাত জিলা চুতীয়া সন্মিলনৰ সম্পাদক প্ৰশান্ত শইকীয়া, বিশিষ্ট অধিবক্তা জগত কলিতা, গোৰ্খা ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ সহ সম্পাদক ৰুদ্ৰ ছেত্ৰী, লেখিকা সমাৰোহ সমিতিৰ সুবৰ্ণ শইকীয়া বৰদলৈৰ উপৰিও চুতীয়া জাতিৰ বিষয় ববীয়াৰ লগতে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক উপস্থিত থাকে ৷

প্ৰদীপ কুমাৰ বৰাই উদ্বোধন কৰা অনুষ্ঠানত সভাত নিৰ্দিষ্ট বক্তা হিচাবে অংশ গ্ৰহন কৰি বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ প্ৰবক্তা ডঃ বিজয় শৰ্মাই কৃৰ্তি ছাত্ৰ ছাত্ৰী সকলক অনুপ্ৰাণিত কৰাৰ লগতে বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় ৷ বোকাখাত জিলা চুতীয়া জাতি সন্মিলনৰ সম্পাদক প্ৰশান্ত শইকীয়াই সভাৰ আঁত ধৰা অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উপ সভাপতি ৰিকি শইকীয়াই ৷ 

*****