আৰণ্যকৰ সৌজন্যত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্বনাথ বন সংমণ্ডললৈ গাড়ী প্রদান :

আৰণ্যকৰ সৌজন্যত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্বনাথ বন সংমণ্ডললৈ গাড়ী প্রদান :
Photo : Uttam Saikia
আৰণ্যকৰ সৌজন্যত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্বনাথ বন সংমণ্ডললৈ গাড়ী প্রদান :

আৰণ্যকৰ সৌজন্যত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্বনাথ বন সংমণ্ডললৈ গাড়ী প্রদান : 


AIIDESH NEWS : 21 May :


দেশৰ অন্যতম বেচৰকাৰী প্ৰকৃতি সংগঠন আৰণ্যকে ইন্টাৰনেচনাল ৰাইন’ ফাউন্ডেশনৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্বনাথ বন সংমণ্ডলক এখন গাড়ী প্রদান কৰে । আৰণ্যক সচিব প্রধান ড° বিভৱ কুমাৰ তালুকদাৰৰ মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ নিৰাপত্তাৰ কথা চিন্তা কৰি নতুনকৈ স্থাপন কৰা বিশ্বনাথ বন সংমণ্ডলৰ বাবেই এই গাড়ীখন প্ৰদান কৰা হৈছে ৷ বুধবাৰৰ দিনা আনুষ্ঠানিকভাবে আৰণ্যক হৈ ইন্টাৰনেশ্যনাল ৰাইন’ ফাউন্ডেশন কনসালটেন্ট ৰাহুল দত্ত  এখন বলে’ কেম্পাৰ গাড়ী  বিশ্বনাথ বন সংমণ্ডলৰ ডি এফ অ' মুকুট দাসৰ হাতত  প্রদান কৰে । উল্লেখযোগ্য যে ইয়াৰ পূর্বেও অর্থাৎ বিগত বৰ্ষত আৰণ্যকে ইন্টাৰনেশ্যনাল ৰাইন’ ফাউন্ডেশনৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক এখন জীপচী আৰু দুখন মহেন্দ্ৰ থাৰ গাড়ী প্রদান কৰিছিল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত আৰণ্যকে আগবঢ়োৱা এই সহায়ৰ বাবে বন সংমণ্ডলৰ ডি এফ অ' মুকুট দাসে প্ৰকৃতি সংগঠনটোক ধন্যবাদ জ্ঞাপন কৰে  ।