দ্যা আলোচনীৰ ২০২০ বৰ্ষৰ পৃথিৱীৰ প্ৰভাৱশালী বিশ্ববিদ্যালয়ৰ দ্বিতীয় তালিকা প্ৰকাশ

দ্যা আলোচনীৰ ২০২০ বৰ্ষৰ পৃথিৱীৰ প্ৰভাৱশালী বিশ্ববিদ্যালয়ৰ দ্বিতীয় তালিকা প্ৰকাশ
পৃথিৱীৰ প্ৰভাৱশালী বিশ্ববিদ্যালয়

লণ্ডনৰ ৰ পৰা ধাৰাবাহিক ভাবে ১৯৭১ চনৰ পৰা প্রকাশিত Times Higher Education চমুকৈ (THE) আলোচনীৰ ২০২০ বৰ্ষৰ পৃথিৱীৰ প্ৰভাৱশালী বিশ্ববিদ্যালয়ৰ দ্বিতীয় তালিকা যোৱা ২৩ এপ্ৰিলত প্ৰকাশ পাইছে।

THE ৰ ২০২০ বৰ্ষৰ Impact Rangking University ৰ বাবে ইয়াৰ গুণাগুণ মূল্যায়ণ কৰিবলৈ পৃথিৱীৰ ৮৫খন দেশৰ ৭৬৬ খন বিশ্বাবিদ্যালয়ৰ পৰা Data সংগ্ৰহ কৰা হৈছিল। এই তালিকাৰ শীৰ্ষ ২০ টা স্থানত ভাৰতৰ এখনো বিশ্ববিদ্যালয়ৰ নাম অন্তৰ্ভুক্ত নহল। ইয়াৰ বিপৰীতে চীনৰ Tongji University (১৩) আৰু ব্ৰাজিলৰ Brazil University of Sao Paulo (১৪) নম্বৰ আসন অধিকাৰ কৰিছে।

THE য়ে ৰাষ্ট্ৰ সংঘৰ ২০১৫ চনৰ Sustainable Development Goals ( SDGs) ৰ আধাৰত পৃথিৱীৰ বিভিন্ন দেশৰ বিশ্ববিদ্যালয় সমূহে Research, Outreach আৰু Stewardship ৰ ওপৰত কৰি থকা কামৰ নমুনা সংগ্ৰহ কৰি প্ৰণালীবদ্ধ পদ্ধতিৰে এই তালিকা প্ৰস্তুত কৰি উলিয়াইছে।

গোলকীয় প্ৰভাৱশালী বিশ্ববিদ্যালয়ৰ তালিকাত ১০ টা সন্মানীয় স্থান দখল কৰিবলৈ সক্ষম নহল এছিয়া, আফ্ৰিকা, দক্ষিণ আমেৰিকাৰ এখনো দেশৰ University সমূহে। কিন্তু, Impact Ranking বিশ্ববিদ্যালয়ৰ ৰ তালিকাত জাপানৰ সৰ্বাধিক ৬৩ খন উচ্চ শিক্ষানুষ্ঠানে স্থান লাভ কৰিছে। আনহাতে, ৰাছিয়াৰ ৪৭ খন আৰু তুৰ্কীৰ ৩৭ খন University য়ে এই তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।

এই ১০ টা স্থান অধিকাৰ কৰিছে যথাক্ৰমে (১) University of Auckland , নিউজিলেণ্ড (২) University of Sydney অষ্ট্ৰেলিয়া (৩) Western Sydney University অষ্ট্ৰেলিয়া (৪) La Trobe University অষ্ট্ৰেলিয়া (৫) Arizona State University মাৰ্কিন যুক্তৰাষ্ট্ৰ (৬) University of Bologna ইটালী (৭) University of British Columbia কানাডা (৮) University of Massachusetts গ্ৰেইট ব্ৰিটেইন (৯) King's College London গ্ৰেইট ব্ৰিটেইন আৰু (১০) RMIT University অষ্ট্ৰেলিয়া ।

 

লু-চ্যুন শ্যাম গোহাই, 

মথুৰাপুৰ