কামাখ্যা শক্তিপীঠত নহয় অম্বুবাচী মেলা

কামাখ্যা শক্তিপীঠত নহয় অম্বুবাচী মেলা
কামাখ্যা শক্তিপীঠ

চলিত বৰ্ষৰ অমৰনাথ যাত্ৰা বাতিল কৰাৰ পিছত এইবাৰ শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

বুধবাৰে কামাখ্যা দেৱালয়ত পৰিচালনা সমিতিৰ এখন বৈঠকৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বৃহস্পতিবাৰে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিত পেগুক আনুষ্ঠানিকভাৱে জনাব মন্দিৰ পৰিচালনা কমিটীয়ে। অম্বুবাচীৰ সময়ত কেৱল ধর্মীয় ৰীতি-নীতিৰে দেৱীৰ পূজা–অৰ্চনা কৰিব। আৰু সকলোৱে বৰ্তাই ৰাখিব সামাজিক দূৰত্ব।

পৰিচালনা সমিতিয়ে পাণ্ডা সকলক অনুৰোধ জনাইছে যে হোটেল, লজ আদিত অম্বুবাচী মেলা উপলক্ষে যেন কোনেও ঘৰ ভাড়া বুকিং নকৰে। মেলাত কেইবা লক্ষাধিক দেশী-বিদেশী ভক্তৰ সমাগম হোৱাৰ বাবেও এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কিয়নো দেশী-বিদেশী ভক্তৰ পৰা কভিড-১৯ ভাইৰাছ সংক্ৰমণ হোৱাৰ অধিক সম্ভাৱনা থাকে। ভাৰতত বৰ্তমান যি হাৰত কোৰোণা ভাইৰাছ বৃদ্ধি পাইছে জুন মহালৈ সম্পূৰ্ণৰূপে ঠিক হোৱাৰ সম্ভাৱনা নাই।উল্লেখযোগ্য যে লকডাউনৰ পূৰ্বৰে পৰা কামাখ্যা মন্দিৰ বন্ধ হৈ আছে।