সোণাৰিৰ অসম নাগালেণ্ড সীমান্তৰ নামতোলাত সেনা আৰক্ষীৰ সংঘাত

সোণাৰিৰ অসম নাগালেণ্ড সীমান্তৰ নামতোলাত সেনা আৰক্ষীৰ সংঘাত

সোণাৰিৰ অসম নাগালেণ্ড সীমান্তৰ নামতোলাত সেনা আৰক্ষীৰ সংঘাত । নামতোলা আৰক্ষীয়ে নামতোলা চাৰি আলিত নিয়ম মাফিক তালাচী চলাই থকাৰ সময়তে উপস্থিত হোৱা সেনাই অপদস্ত কৰিলে নামতোলা আৰক্ষী  থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুণেশ্বৰ কুমাৰৰ লগতে তালাচীত নিয়োজিত আৰক্ষী দলক।সেনাই কাঢ়ি ললে আৰক্ষী বিষয়াৰ মবাইল ফোন।সেনাৰ প্ৰহাৰত আহত আৰক্ষী বিষয়া গুণেশ্বৰ কুমাৰক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ। ঘটনাৰ সন্দৰ্ভত নামতোলা আৰক্ষীয়ে সেনাৰ দলটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।সম্প্ৰতি উদণ্ড সেনা জোৱানৰ দলটোক চৰাইদেউ জিলা আৰক্ষীয়ে আৱদ্ধ কৰি সোণাৰিত সোধাপোচা অব্যাহত ৰাখিছে।