বন বিভাগ-আৰণ্যকৰ উদ্যোগত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ বনকৰ্মীৰ বাবে চকু পৰীক্ষা শিবিৰ আয়োজন :

বন বিভাগ-আৰণ্যকৰ উদ্যোগত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ বনকৰ্মীৰ বাবে চকু পৰীক্ষা শিবিৰ আয়োজন  :
Aiidesh Photo
বন বিভাগ-আৰণ্যকৰ উদ্যোগত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ বনকৰ্মীৰ বাবে চকু পৰীক্ষা শিবিৰ আয়োজন  :

Aiidesh News  : 7 February 2024 : 

পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ বনকৰ্মী আৰু কৰ্মচাৰীসকলৰ স্বাস্থ্য পৰীক্ষা আৰু কল্যাণৰ লক্ষ্যৰে গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ সহযোগত প্ৰকৃতি সংগঠন আৰণ্যকে অলপতে বন্যপ্ৰাণী অভয়াৰণ্যখনত এটা বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰে । স্বাস্থ্য পৰীক্ষা শিবিৰত এপ’ল’ এক্সেল কেয়াৰ হাস্পাতালৰ ডা: মাধুৰ্য গগৈৰ নেতৃত্বত চকুৰোগ বিশেষজ্ঞৰ এটা দলে অভয়াৰণ্যখনৰ ৬৭ জন বনকৰ্মী আৰু কৰ্মচাৰীৰ চকু পৰীক্ষা কৰি স্বাস্থ্যজনিত পৰামৰ্শ আগবঢ়ায় । দলটোত আছিল ডা: ফাইজুন নেছা, গীতাঞ্জলি দাস, জিতেন্দ্ৰ বৰ্মন, ৰাহুল সৰকাৰ, আৰু অমিত বৰ্মন ৷

আৰাণ্যকৰ হৈ ড০ দেৱ দত্ত, মানস কুমাৰ ভট্টাচাৰ্য, জয়ন্ত পাঠক, মধুমিতা বৰঠাকুৰ আৰু উজ্জ্বল বায়নে চকু পৰীক্ষা শিবিৰটোত সহযোগিতা আগবঢ়ায় ৷ অভয়াৰণ্যখনত এনে শিৱিৰ আয়োজন কৰাৰ বাবে বনাঞ্চলিক বিষয়া  নয়ন দাসে চিকিৎসক ডা: মাধুৰ্য গগৈ আৰু তেওঁৰ  চকু বিশেষজ্ঞৰ দলৰ লগতে আৰণ্যকলৈ কৃতজ্ঞতা জ্ঞাপন কৰে  ।  উল্লেখ্য যে বাৰ্লিন চিৰিয়াখানাৰ সহযোগত আৰণ্যকে এই শিবিৰটো আয়োজন কৰিছিল ৷ 

*********