ফাঁচি বজাৰত মুখ্যমন্ত্ৰীৰ চেনিটাইজেশ্যন স্প্ৰে

ফাঁচি বজাৰত মুখ্যমন্ত্ৰীৰ চেনিটাইজেশ্যন স্প্ৰে

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ ফাঁচি বজাৰত গুৱাহাটী পৌৰ নিগমে চলাই থকা চেনিটাইজেশ্যন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে ।অকল ইমানেই নহয়, মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই চেনিটাইজেশ্যন স্প্ৰে কৰা পৰিলক্ষিত হয় ।উল্লেখ্য যে, কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমে অগ্নি নিৰ্বাপন আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ সহায়ত মহানগৰীৰ বিভিন্ন স্থানত চেনিটাইজেশ্যনৰ কাৰ্য্যসূচী গ্ৰহণ কৰে ।