যোৰহাটত গান্ধী জয়ন্তী পালন , জিলা প্ৰশাসনৰ |

যোৰহাটত গান্ধী জয়ন্তী পালন , জিলা প্ৰশাসনৰ |
যোৰহাটত গান্ধী জয়ন্তী পালন , জিলা প্ৰশাসনৰ |
যোৰহাটত গান্ধী জয়ন্তী পালন , জিলা প্ৰশাসনৰ |
যোৰহাটত গান্ধী জয়ন্তী পালন , জিলা প্ৰশাসনৰ |

যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত শনিবাৰে   যোৰহাটৰ গান্ধী পাৰ্কত মহাত্মা গান্ধীৰ  ১৫২ তম জন্ম জয়ন্তী উদযাপন কৰা হয়৷ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ লগতে  বহু লোকে  মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিত ফুলৰ মালা অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷   জিলা প্ৰশাসনৰ এই  অনুষ্ঠানত  বয়োজ্যেষ্ঠ মুক্তি যোদ্ধা খগেশ্বৰ গগৈকে প্ৰমুখ্যে কৰি কেইবা গৰাকীও মুক্তি যুঁজাৰো, অতিৰিক্ত উপায়ুক্ত অনুজ ব্ৰহ্ম, জিলা  প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া সকলৰ লগতে অন্যান্য বিষয়া কৰ্মচাৰীসকল আৰু বহু সংখ্যক ৰাইজ উপস্থিত আছিল । অনুষ্ঠানটোত এক সৰ্ব ধৰ্মীয় প্ৰাৰ্থনাও অনুষ্ঠিত হোৱা দেখা গৈছিল ।