বাঘজানত হতাহত অইলৰ ৪ কৰ্মচাৰীৰ পৰিয়ালক চাকৰি দিবলৈ কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীক আহ্বান মুখ্যমন্ত্ৰীৰ

বাঘজানত হতাহত অইলৰ ৪ কৰ্মচাৰীৰ পৰিয়ালক চাকৰি দিবলৈ কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীক আহ্বান মুখ্যমন্ত্ৰীৰ

বাঘজানৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘আশ্রয়ৰ বাবে ৭-৮টা শিবিৰ নিৰ্মাণ কৰা হৈছে।’
‘যুদ্ধকালীন তৎপৰতাৰে আমি পৰিৱেশ নিয়ন্ত্রণ কৰিব চেষ্টা কৰিছো।’
‘বায়ু সেনাকো আমি আহ্বান জনাইছো।’
ইফালে স্থানীয় লোকৰ নিৰাপত্তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
অইলৰ কৰ্মচাৰীসকলৰ প্ৰসংগতো প্ৰকাশ কৰে প্ৰতিক্ৰিয়া।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘কৰ্মৰত ৪গৰাকী অইল ইণ্ডিয়াৰ কৰ্মচাৰীৰ ২গৰাকীৰ মৃত্যু হৈছে।’
‘ক্ষতিপূৰণৰ বাবে কেন্দ্রীয় পেট্র’লিয়াম বিভাগক আহ্বান জনাইছো।’
‘ক্ষতিগ্রস্তৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিবলৈ আহ্বান জনাইছো।’
‘পৰিয়ালৰ এজনকৈ লোকক চাকৰি দিব লাগে বুলিও জনাইছো।’
ইফালে ঘটনাস্থলীলৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী যোৱাৰ কথাও তেওঁ প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰী সোণোৱালে কয়- ‘চন্দ্রমোহন পাটোৱাৰী গৈছে চৰজমিন তদন্ত কৰিবলৈ।’
‘কিছু সময় লাগিব সেই সমস্যা সমাধান কৰিবলৈ।’