শিৱসাগৰৰ দিচাং মুখত ১৯ টাকৈ শগুনৰ মৃত্যু : বিহক্ৰিয়াতেই মৃত্যুৰ সন্দেহ :

শিৱসাগৰৰ দিচাং মুখত ১৯ টাকৈ শগুনৰ মৃত্যু : বিহক্ৰিয়াতেই মৃত্যুৰ সন্দেহ :
Photo by Uttam Saikia


বিশ্বজুৰি চলি থকা কভিড ১৯ ত্ৰাস আৰু লক ডাউনৰ  মাজতেই মঙ্গল বাৰৰ দিনা শিৱসাগৰৰ দিচাংমুখত ১৯ টাকৈ শগুনৰ কৰুণ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।  শিৱসাগৰ জিলাৰ দিচাংমুখৰ লেপাই দীঘল-দৰিয়ালি পথাৰত মংগলবৰৰ দিনা এজন যুৱকে পথাৰৰ বিভিন্ন স্থানত পৰি ভালেমান শগুন মৰি পৰি থকা দেখিবলৈ পাই  শিৱসাগৰ বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ক অৱগত কৰে । খবৰ পাই  ঘটনাস্থলীতপশু চিকিৎসকৰ দল লগত লৈ বন বিভাগৰ  এটা দল  ঘটনাস্থলীত উপস্থিত হয় গৈ । বন বিভাগৰ দলটোৱে লেপাই দীঘল-দৰিয়ালি পথাৰৰ বিভিন্ন স্থানৰ পৰা ১৯ টা মৃত শগুন উদ্ধাৰ কৰে । বন বিভাগৰ দলটোৱে মৃত শগুন সমুহ লেপাই দীঘল-দৰিয়ালি পথাৰতে পুতি পেলায় ৷ আনহাতে পথাৰ খনৰ পৰা উদ্ধাৰ হোৱা  ১৪ টা শগুন মুমুৰ্ষ অৱস্থাত শিৱসাগৰ পশু পালন বিভাগৰ পশু চিৎসকৰ দলটোৱে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে চৰগুৱা খণ্ড বন বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে ।  উদ্ধাৰ কৰা ১৪ টা শগুনৰ এটা উৰি যোৱা বিপৰীতে ১৩ টা শগুনক চিকিৎসা প্ৰদান কৰাৰ লগতে এতিয়া সংকটমুক্ত বুলি জনাইছে শিৱসাগৰৰ ডি এফ অ' জয়শ্ৰী নাইডুংগেই । স্থানীয়  লোকৰ মতে লেপাই গাওঁ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল সমুহত এজাক কুকুৰে দীৰ্ঘদিন ধৰি পোহনীয়া ছাগলী হত্যা কৰি ভক্ষণ কৰি আহিছিল । এই ছাগলী হত্যা কৰি থকা কুকুৰক মাৰিবৰ বাবেই কোনো লোকে মৃত ছাগলীৰ শৰীৰত মৰাত্মক ফুৰাডন মিহলাই দিছিল ৷ মৰা ছাগলীৰ ভক্ষণৰ ফলতেই শগুনৰ  মৃত্যু হোৱা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে ।