ভাৰতত বাদুলিৰ শৰীৰত কোৰোণা ভাইৰাছৰ অৱস্থিতি’

ভাৰতত  বাদুলিৰ শৰীৰত  কোৰোণা ভাইৰাছৰ অৱস্থিতি’

বাদুলিৰ শৰীৰত কোৰোণা ভাইৰাছৰ অৱস্থিতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে Indian Council for Medical Research (ICMR)–এ। ICMRৰ মতে, বাদুলি এই বিধ্বংসী  ভাইৰাছৰ বাহক। চীন দেশৰ গৱেষণাতো বাদুলিৰ শৰীৰৰ পৰা cell mutation হৈ কোৰোণা ভাইৰাছ মানৱ দেহত প্ৰৱেশ কৰাৰ তথ্য পোৱা গৈছে বুলিও কয় ICMR–এ। নতুবা বাদুলিৰ পৰা পেংগলিনত প্ৰথমে ভাইৰাছটোৰ প্ৰৱেশ ঘটি, পেংগলিনৰ পৰা মানৱ দেহলৈ সংক্ৰমণ হোৱাৰো সন্দেহ প্ৰকাশ কৰিছে বৈজ্ঞানিক প্ৰতিষ্ঠানটোৱে।

আনহাতে, ভাৰতবৰ্ষৰ দুই প্ৰজাতিৰ বাদুলিত এই ভাইৰাছ পোৱা গৈছে বুলিও স্পষ্ট কৰে ICMR–এ। কিন্তু বাদুলিৰ পৰা এই ভাইৰাছ মানৱ দেহলৈ নাহে আৰু বাদুলিৰ পৰা মানৱ দেহলৈ ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা ১০০০ বছৰত এবাৰহে থাকে বুলিও কয় প্ৰতিষ্ঠানটোৱে।