বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত তর্ক প্ৰতিযোগিতাৰ আয়োজন :

বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত তর্ক প্ৰতিযোগিতাৰ আয়োজন  :
Aiidesh Photo

বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত তর্ক প্ৰতিযোগিতাৰ আয়োজন  : 

Aiidesh News  : 26 August :  

বোকাখাতৰ উচ্চ শি‍ক্ষানুষ্ঠান চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত এখনি তর্ক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷ শিক্ষানুষ্ঠানখনৰ  প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰতি দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰা এই তর্ক প্ৰতিযোগিতা এইবাৰ চলিত বৰ্ষৰ ১২ ছেপ্তেম্বৰত শিক্ষানুষ্ঠানখনৰ নৱবিংশতিতম প্ৰতিষ্ঠা দিৱসৰ লগত আয়োজন কৰা হৈছে ৷ প্ৰতিযোগিতাৰ বিষয়, সদনৰ মতে – নৃগোষ্ঠীয় সংঘাতে ভাৰতবর্ষৰ সার্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ প্ৰতিযোগিতাত উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতক পর্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰ মাধ্যমেৰে অংশগ্ৰহণ কৰিব পাৰিব বুলি মহাবিদ্যালয় খনৰ কৰ্তৃপক্ষই জানিবলৈ দিছে ৷ প্ৰতি শি‍ক্ষানুষ্ঠানৰ পৰা সর্বাধিক দুটাকৈ দলে অংশগ্ৰহণ কৰিব পাৰিব বুলিও লগতে জনাইছে ৷ 

মহাবিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে সংসদীয় পদ্ধতিৰে পৰিচালিত হ’ব লগা এই প্ৰতিযোগিতাত প্ৰতিটো দলত সপ‍ক্ষ‍ে আৰু বিপক্ষ‍ে দুজনকৈ প্ৰতিযোগী থাকিব ৷ প্ৰতিযোগীসকলে শি‍ক্ষানুষ্ঠানৰ পৰা শি‍ক্ষার্থী হিচাপে বৈধতাৰ প্ৰমাণ পত্ৰ আনিব লাগিব ৷ প্ৰতিযোগিতাৰ বাবে প্ৰতিযোগীয়ে ১২ চেপ্তেম্বৰৰ পুৱা ৯-৩০ বজাৰ ভিতৰত পঞ্জীয়ন সম্পূর্ণ কৰিব লাগিব ৷ উক্ত দিনা পুৱা ১০ বজাৰ পৰা প্ৰতিযোগিতা আৰম্ভ হ’ব ৷ 

প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ দলক ‘মহেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী চলন্ত ট্ৰফী’ৰ লগতে নগদ ১০,০০০ টকা আৰু দ্বিতীয় শ্ৰেষ্ঠ দলক ‘সুশীল বৰদলৈ সোঁৱৰণী চলন্ত ট্ৰফী’ৰলগতে নগদ ৭,০০০ টকা প্ৰদান কৰা হ’ব৷ তেনেদৰে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ তার্কিকক ‘ডাঃ কাণুকৃষ্ণ বৰদলৈ সোঁৱৰণী চলন্ত ট্ৰফী’ৰ লগতে নগদ ৫,০০০ টকা আৰু দ্বিতীয় শ্ৰেষ্ঠ তার্কিকক ‘ৰঘূনাথ পাটোৱাৰী সোঁৱৰণী চলন্ত বঁটা’ৰ লগতে নগদ ৩,৫০০ টকা প্ৰদান কৰা হ’ব ৷  ইচ্ছুক প্ৰতিযোগীসকলে মহাবিদ্যালয়ৰ তর্ক বিভাগৰ বিভাগীয় উপদেষ্টা বিদ্যুৎ বিকাশ শইকীয়াক ৯৪৩৫১৫৪৪৪০ ফোন নম্বৰত, ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক জয়সূর্য বৰাক ৬০০২৯৬৮৪৬৯ নম্বৰত আৰু তর্ক বিভাগৰ সম্পাদকক ৯৩৯৫৮২৬৮২৯ নম্বৰত যোগাযোগ কৰি সবিশেষ জানিব পাৰিব বুলি মহাবিদ্যায় কৰ্তৃপক্ষই জনাইছে ৷

*******