এইদেশৰ প্ৰতিবেদন : উজনিত বৃদ্ধি চিয়াং আৰু ব্ৰহ্মপুত্ৰ নাদীৰ জলপৃষ্ঠ : নিমাতীঘাট আৰু ধনিশিৰিমুখতো বৃদ্ধিপাব ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ :
এইদেশৰ প্ৰতিবেদন : উজনিত বৃদ্ধি চিয়াং আৰু ব্ৰহ্মপুত্ৰ নাদীৰ জলপৃষ্ঠ : নিমাতীঘাট আৰু ধনিশিৰিমুখতো বৃদ্ধিপাব ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ :
Aiidesh Exclisive : 12 July 2023 :
কেন্দ্ৰীয় জল আয়োগৰ তথ্য়মতে উজনিৰ অৰুণাচলৰ টুটিং, ইংকিয়ং আৰু পাচিঘাটত যথেষ্ট বৃদ্ধি পাইছে চিয়াং নদীৰ জলপৃষ্ঠ ৷ টুটিংত ০.৮৩ মিটাৰ, ইংকিয়ংত ০.৮২ মিটাৰ আৰু পাচিঘাটত ০.৬৮ মিটাৰ বৃদ্ধি পাইছে জলপৃষ্ঠ ৷
ইয়াৰ বাবে ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠও বৃদ্ধি পাইছে ৷ দুপৰীয়ালৈ আৰু বৃদ্ধিৰ সম্ভাৱনা আছে ৷ ডিব্ৰুগড়ত ১২ জুলাইৰ পুৱা পুৰ্বৰ তুলনাত ইতিমধ্যেই ০.১১মিটাৰ বৃদ্ধি পাইছে জলপৃষ্ঠ ৷
নিমাতীঘাটৰ জলপৃষ্ঠ যদিও নিম্নগামী বিয়লিলৈ পুনৰ বৃদ্ধিৰ সম্ভাৱনা আছে ৷ সম্প্ৰতি নিমাতীঘাটৰ জলপৃষ্ঠ বিপদসীমাৰ ০.০২ মিটাৰ তললৈ হ্ৰাস পাইছে ৷ পুৰ্বানুমান মতে বিয়লি ৫ বজাৰ পৰা নিমাতীঘাটত জলপৃষ্ঠ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷
ধনশিমুখতো ১২ জুলাই পুৱা নিমিনগামী ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ ৷ পুৰ্বতকৈ ০.১৭ মিটাৰ হ্ৰাস পাইছে জলপৃষ্ঠ ৷ ধনশিৰিমুখত সম্প্ৰতি বিপদসীমাৰ ০.০৭ মিটাৰ ওপৰত আছে ব্ৰহ্মপুত্ৰ ৷ পুৰ্বানুমান মতে দুপৰীয়ালৈ জলপৃষ্ঠ বিপদসীমাৰ তললৈ নামিব আৰু নিশালৈ জলপৃষ্ঠ স্থবিৰ হৈ ১৩ জুলাইৰ পুৱাৰে পৰা ধনশৰিমুখৰ জলপৃষ্ঠ পুনৰ বৃদ্ধিৰ সম্ভাৱনা আছে ৷
*********