চাৰিওফােল লক্ ডাউন। সন্মুখত চেনেহৰ ৰঙালী তথাপি নাই হৰ্ষ-উল্লাহ।

উদৰ-পূৰাই খাবলৈ নেপালেও বিহু বুলি লাগে মাছ-মাংস অকণমান।

চাৰিওফােল লক্ ডাউন। খাদ্য-বস্তৰ পৰা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অভাৱ। সন্মুখত চেনেহৰ ৰঙালী তথাপি নাই হৰ্ষ-উল্লাহ। কিন্তু হেপাঁহৰ ৰঙালীক কঙালীৰ দৰে জানো যাৱলৈ দিব পাৰি। উদৰ-পূৰাই খাবলৈ নেপালেও বিহু বুলি লাগে মাছ-মাংস অকণমান। ৰাইজৰ এই অভিলাসাৰ প্ৰতি লক্ষ্য কৰি কামৰূপ জিলা প্ৰশাসনে আজিৰে পৰা আৰম্ভ কৰিছে মুৰ্গী বিতৰণৰ ব্যৱস্থা, অৱশ্যে লকডাউনৰ নীতি নিয়মৰ মাজেৰ।