বোকাখাতত লোমহৰ্ষক হত্যাকাণ্ড : বৃদ্ধা মাতৃক হত্যা কৰি ঘৰৰ ভিতৰতে পুতি থলে নিজৰেই জী আৰু জোৱায়েকে :

বোকাখাতত লোমহৰ্ষক হত্যাকাণ্ড : বৃদ্ধা মাতৃক হত্যা কৰি ঘৰৰ ভিতৰতে পুতি থলে নিজৰেই জী আৰু জোৱায়েকে  :
Collected

Aiidesh News  : 11 September 2024  : 

বোকাখাতৰ জ্যোতিপুৰত সংঘৰ্টিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ৷ নিজ জী- জোঁৱাইয়ে হত্যা কৰি ঘৰৰ ভিতৰতে পুতি থ'লে মাতৃক । জানিব পৰা মতে প্ৰায় ৭০ বছৰীয়া শান্তি গোৱলা নামৰ বৃদ্ধ মহিলা গৰাকীক  নিজ কন্যা  চম্পা গোৱলাই স্বামী দিলীপ ভূঞাৰ লগত লগ লাগি অতি নৃশংসভাৱে হত্যা কৰি ঘৰৰ ভিতৰতে পুতি থয় ৷ স্থানীয় লোকে জনোৱা মতে যোৱা ৩ দিন ধৰি নিৰুদ্দেশ হৈ আছিল শান্তি গোৱলা ৷ শান্তি গোৱলা নিৰুদ্দেশ সম্পৰ্কত বিভিন্ন কথাৰে আভুৱা ভৰিছিল জী জোৱায়েকে ৷ ঘটনা সম্পৰ্কত স্থানীয় লোকৰ সন্দেহ হোৱাত চম্পা গোৱলা আৰু দিলীপ গোৱলাৰ ঘৰত প্ৰৱেশ কৰি মজিয়া গাত খন্দা আৰু তাৰ ওপৰত খৰি থোৱা দেখিবলৈ পাই বোকাখাত আৰক্ষীক অৱগত কৰে ৷ স্থানীয় লোকে আৰক্ষীক অৱগত কৰাৰ সময়তে ঘৰৰ এৰি পলায়ন কৰে চম্পা গোৱলা আৰু তেওঁৰ স্বামী দিলীপ ভুঞাই ৷ 

পৰৱৰ্তী সময়ত বোকাখাত আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোক আৰু গাওঁৰক্ষী বাহিনীৰ উপস্থিতত মজিয়া খান্দি বৃদ্ধা শান্তি গোৱলাৰ মৃতদেহ উদ্ধাৰ কৰে ৷ নিজৰ কন্যাই স্বামীৰ সহযোগত এনেদৰে নিজ মাতৃক হত্যা কৰি পুতি থোৱা ঘটনাই জোকাৰি গৈছে সমগ্ৰ বোকাখাতক ৷ ঘটনাৰ সন্দৰ্ভত বোকাখাত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও মৃত শান্তি গোৱলাৰ হত্যাকাৰী চম্পা গোৱলা আৰু তেওঁৰ স্বামী দিলীপ ভূঁঞা পলাতক বুলি জানিব পৰা গৈছে ৷

*********