কাজিৰঙা সমবায় সমিতিত হিতাধিকাৰীৰ চাউলৰ বৃহৎ কেলেংকাৰী : গুদাম ৰক্ষকৰ পিচত সম্পাদককো গ্ৰেপ্তাৰ :

কাজিৰঙা সমবায় সমিতিত হিতাধিকাৰীৰ চাউলৰ বৃহৎ কেলেংকাৰী : গুদাম ৰক্ষকৰ পিচত সম্পাদককো গ্ৰেপ্তাৰ :

এইদেশ সংবাদ : বোকাখাত : ১৮ এপ্ৰিল :

লক ডাউনৰ সময়ত হিতাধিকাৰীৰ বাবে আৱন্তিত চাউলৰ হৰলুকী কৰাৰ অভিযোগত বোকাখাত আৰক্ষীয়ে বোকাখাত মহকুমাৰ কাজিৰঙা সমবায় সমিতিৰ গুদাম ৰক্ষক পলাশ গগৈক গ্ৰেপ্তাৰ কৰাৰ পাচত আজি দেৰগাঁওৰ পৰা সমবায়খনৰ সম্পাদক দুদুল দলৈকো গ্ৰেপ্তাৰ কৰে । শুক্ৰবাৰৰ দিনা বোকাখাত আৰক্ষীয়ে কাজিৰঙাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল । লক ডাউনত হিতাধিকাৰীৰ মাজত বিতৰণৰ বাবে অহা চাউল কাজিৰঙা সমবায় সমিতিত হৰলুকী হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পাচত যোৱা ৩ এপ্ৰিলৰ পৰাই পলাতক অৱস্থাত আছিল সমবায় সমিতি খনৰ সম্পাদক বুবুল দলৈ আৰু গুদাম ৰক্ষক পলাশ গগৈ । স্থানীয় লোকৰ অভিযোগ মতে, সমবায় সমিতি খনলৈ বিতৰণৰ বাবে অহা ৮০০ কুইণ্টল চাউলৰ ৬০ শতাংশতকৈও অধিক চাউল হৰলুকি কৰিছিল সমিতিৰ বিষয় ববীয়াই ৷ অভিযোগ মতে ২০১০ চনৰ পৰাই কাজিৰঙা সমবায় সমিতিত ব্যপক দুৰ্নীতি চলি আহিছিল ৷ যাৰ বাবে প্ৰাপ্য চাউলৰ পৰা বঞ্চিত হৈছিল সমবায় খনৰ হিতাধিকাৰী সকল ৷ শেহতীয়াকৈ লক ডাউনৰ সাহাৰ্যৰ বাবে চৰকাৰে কাজিৰঙা সমবায় সমিতিক যোগান ধৰা ৮০০ কুইন্টল চাউলৰো হৰলুকী হোৱাত হিতাধাৰী সকলে বোকাখাতৰ মহকুমা প্ৰশাসনক অভিযোগ কৰে আৰু ঘটনাৰ তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈও আহ্বান জনাইছিল ৷ বোকাখাতৰ জীপাল কৃষক শ্ৰমিক সংঘয়ো বিষয়টোকলৈ বোকাখাত আৰক্ষী থানাত এক এজাহৰো দাখিল কৰিছিল ৷ ইয়াৰ পাচৰে পৰাই কাজিৰঙা সমবায় সমিতিৰ সম্পাদক বুবুল হালৈ আৰু গুদাম ৰক্ষক পলাশ গগৈয়ে আত্মগোপন কৰিছিল ৷ আজি ঘটনাৰ সম্পৰ্কত বোকাখাত আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৯ আৰু ৪২০ ধাৰাৰ লগতে অত্যৱশকীয় সামগ্ৰী আইনৰ ৭ ধাৰাত ১১৩ / ২০ নম্বৰৰ এটা গোচৰ ৰজু কৰি বোকাখাতৰ আদালতত হাজিৰ কৰে ৷ আদালতে দুয়োজনকে তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰৰণ কৰে ৷