কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলিত বনকৰ্মীৰ গুলীত চোৰাং চিকাৰীৰ মৃত্যু : চিনাক্ত হোৱা নাই নিহত চোৰাংচিকাৰীৰ মৃতদেহ :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলিত বনকৰ্মীৰ গুলীত চোৰাং চিকাৰীৰ মৃত্যু  : চিনাক্ত হোৱা নাই নিহত চোৰাংচিকাৰীৰ মৃতদেহ :
Aiidesh Photo

 

Aiidesh News :12th May 2024 :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত আজি পুৱতি নিশা বনকৰ্মী আৰু চোৰাংচিকাৰীৰ মাজত সংঘৰ্টিত হোৱা গুলি চালনাৰ ঘটনাত এজন চোৰাং চিকাৰী ঘটনাস্থলীতে নিহত হয় । জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পুৱ প্ৰান্তৰ অগৰাতলি বনাঞ্চলৰ এৰাসুঁতি বন শিৱিৰ এলেকাত এই ঘটনা সংঘৰ্টিত হয় ৷  উদ্যান কৰ্তৃপক্ষই জনোৱা মতে গঁড় হত্যাৰ পৰিকল্পনাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাংচিকাৰী প্ৰৱেশৰ 

কৰিবৰ বাবে চেষ্টা চলোৱা বুলি খবৰ পাইছিল আৰু তাৰ বাবেই বিগত দুটা দিন বনাঞ্চলৰ বিভিন্ন স্থানত বনকৰ্মী তহলৰ ব্যৱস্থা কৰিছিল কৰ্তৃপক্ষই ৷ এনে অৱস্থাতে ১১ মে’ৰ পুৱতি নিশাতে এৰাসুঁতি বনশিৱিৰ এলেকাত মনুহৰ উপস্থিতি উমান পাই বনকৰ্মী সকলে বনাঞ্চলৰ এম্বুচ কৰিছিল আৰু  থ তিনিগৰাকী চোৰাংচিকাৰী প্ৰত্যক্ষও কৰিছিল ৷ ইফালে চোৰাংচিকাৰীৰ দলেও বনকৰ্মী সকলক প্ৰত্যক্ষ কৰি আক্ৰমন কৰিছিল ৷ প্ৰত্যুত্তৰত বনকৰ্মী সকলে চলোৱা গুলীত এজন চোৰাংচিকাৰী ঢলি পৰাৰ বিপৰীতে দুজন চিকাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল ৷ 

ঘটনাৰ পিচতেই পলাতৰ চিকাৰীৰ সন্ধানত পুৱাৰে পৰা সমগ্ৰ বনাঞ্চলতেই তালাচী আৰম্ভ কৰে বনকৰ্মীৰ দলে ৷ ইফালে ঘটনাস্থলীত নিহত চোৰাংচিকাৰী জনৰ পৰা এটা ৩°৩ ৰাইফল সঁজীৱ গুলীও উদ্ধাৰ কৰে বনকৰ্মীৰ দলে ৷ পিচত বোকাখাতৰ মহকুমা দণ্ডাধীশৰ আৰু আৰক্ষীৰ উপস্থিতিত নিহত চিকাৰীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হয় ।  অন্যহাতে বনাঞ্চলত নিহত হোৱা চিকাৰী জনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই কাজিৰঙাৰ কৰ্তৃপক্ষ আৰু বোকাখাত আৰক্ষীয়ে ৷

**********