লকডাউন উলংঘা কৰি বেংকত ভিৰ গ্ৰাহকৰ

লকডাউন উলংঘা কৰি বেংকত ভিৰ গ্ৰাহকৰ

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মহামাৰী ক’ৰোণা ভাইৰাছৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে ২১ দিনীয়া কৈ লকডাউন ঘোষণা কৰিছে। এই লক ডাউনৰ সময়ছোৱাত নলবাৰী জিলাৰঠায়ে-ঠায়ে লক ডাউন উলংঘা হোৱাৰ   অভিযোগ উত্থাপিত হৈছে।

অৱশ্যে এনে লক ডাউন উলংঘাকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠীৰ কোব দি আহিব লগা হৈছে । এনে সময়তে আজি জিলাখনৰ ভাৰতীয় ষ্টেট বেংকৰ পিপলিবাৰী শাখাৰ লগতে শাখাটোৰ গাতেই লাগি থকা এ টি এম ত দীঘলীয়া শাৰী পাতি একাংশ বেংক গ্ৰাহকে লক ডাউনৰ নীতি-নিয়ম উলংঘা কৰে। এইলৈ  বেংকটোৰ ভিতৰি-বাহিৰে বহু সময় ধৰি এক হুলস্থলীয়া পৰিবেশৰ সৃষ্টি হয়। পিছত বেলশৰ আৰক্ষীৰ দল আহি পৰিস্থিতি নিয়ন্ত্ৰন কৰে ।

ইপিনে যোৱা দুই- তিনিদিন ধৰি জিলাখনৰ শোলমাৰা গাওঁ, বজাৰ আদিতো মানুহৰ ভিৰ হোৱা পৰিলক্ষিত হয়। এচাম অবিবেচকী, সুবিধাবাদীয়ে বজাৰত অনাই -বনাই ভিৰ কৰাৰ লগতে অসম গ্ৰামীন বিকাশ বেংকৰ  শোলমাৰা শাখাত লক ডাউন অমান্য কৰি  ভিৰ কৰে বেংক গ্ৰাহকে। ফলত  শোলমাৰা আৰক্ষীয়ে  লাঠি চালনা কৰি  পৰিস্থিতি নিয়ন্ত্ৰন কৰিব লগা হয়।  নলবাৰী জিলাত লক ডাউন আৰম্ভনীতে সম্পূৰ্ন কটকটীয়া হৈ পৰিছিল যদিও পৰৱৰ্তী সময়ত ঠায়ে ঠায়ে কিছু পৰিমানে শিথিল হৈ পৰা পৰিলক্ষিত হয়।