দেশীয় আৰু বিলাতী সুৰাৰ দাম ২৫ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত

দেশীয় আৰু বিলাতী সুৰাৰ দাম ২৫ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত

অৰ্থনীতি সবল কৰিবলৈ ৰাজ্যিক কেবিনেটে লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অৰ্থনীতি টনকিয়াল কৰিবলৈ ৰাজ্য চৰকাৰে সুৰাৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আজি অনুষ্ঠিত হোৱা কেবিনেটত, বৃদ্ধি পোৱা খৰচ অনুপাতে চৰকাৰৰ ৰাজকোষ অধিক টনকিয়াল কৰিবলৈ অতিৰিক্ত ৰাজহ সংগ্ৰহৰ বাবে আবকাৰী শুল্কৰ নতুন নিৰিখ নিৰ্ধাৰণৰ এক প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। এই প্ৰস্তাৱত সকলো ধৰণৰ দেশীয়ভাৱে প্ৰস্তুত কৰা বিলাতী সুৰা বিয়েৰ, ৱাইন আৰু তেনেধৰণৰ অন্যান্য সুৰাৰ দাম ২৫ শতাংশ বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে।

চৰকাৰৰ এই সিদ্ধান্তৰ ফলত অতিৰিক্ত ভাবে ১০০০ কোটিৰ ৰাজহ সংগ্ৰহ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।