অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মতে ২৫ জুনত বোকাখাত মহকুমাৰ বিভিন্ন ঠাইত বিদ্যুৎ কৰ্তনৰ সম্ভাৱনা :

Aiidesh News  :  24 June : 

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ যোৰহাটত থকা ১৩২ কে.ভি. গড়মুৰ গ্ৰীড  উপকেন্দ্ৰই ইয়াৰ পুৰণি পেনেল তথা বৈদ্যুতিক তাঁৰ সমূহ বদলি কৰি নতুন স্বয়ংক্ৰিয় ব্যৱস্থাযুক্ত পেনেল তথা বৈদ্যুতিক তাঁৰ সংস্থাপিত কৰাৰ এক আঁচনি হাতত লৈছে ।

উক্ত প্ৰচেষ্টাৰ অংশস্বৰূপে ২৫ জুনৰ পুৱা ৯ বজাৰ পৰা বিয়লি  ৩ বজালৈ ১৩২ কে.ভি.যোৰহাট আৰু যোৰহাট (পশ্চিম) বিদ্যুৎ পৰিবাহী লাইনৰ বিদ্যুৎ পৰিবহন ব্যৱস্থা বন্ধ ৰখা হ'ব বুলি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ গোলাঘাট বিদ্যুৎ সংমণ্ডলৰ সহকাৰী মহাপ্ৰবন্ধকে এক জাননী জাৰি কৰিছে ৷ এই  জাননী মতে এই বিদ্যুৎ কৰ্তনৰ ফলত উল্লিখিত সময়চোৱাত বোকাখাত, কহঁৰা, ৰজাবাৰী, বিহৰা, নুমলীগড়, তেলগৰম, কমাৰগাঁও, বাদুলীপাৰ, খুমটাই তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত বিদ্যুত যোগান ব্যাহত হ'ব পাৰে । এই সময়চোৱাত বিভাগক সহযোগ কৰিবলৈ জাননীখনত ৰাইজৰ প্ৰতি আহ্বান জনোৱা হৈছে ।

********