কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত মৃত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ :

Aiidesh News  :  12 March - 2025  :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত আজি পুৱা এজনী ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয় ৷ কৰ্মৰত বনকৰ্মীয়ে আজি পুৱা ৰঙামটীয়া বনশিৱিৰ এলেকাত পেট্ৰলিং কৰা পথৰ কাষত পৰি থকা অৱস্থাত ঢেকীয়াপতীয়া বাঘজনীৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷ বনকৰ্মীয়ে বনাঞ্চলিক বিষয়াক ঘটনাৰ সৱিশেষ অৱগত কৰাৰ পিচত বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাৰ উদ্যোগত কাজিৰঙাৰ উপ বন সংৰক্ষক আলেক চাক্সেনা, সহকাৰী বন সংৰক্ষক বুবুল বৰুৱা, কাজিৰঙাৰ বিভাগীয় পশু চিকিৎসক ডা৹ সৌৰভ বৰগোঁহাই, বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক ডা৹ মেহদি আলম ঘটনাস্থলীত উপস্থিত হৈ ঘটনাস্থলী পৰ্যবেক্ষণ কৰে ৷

পশু চিকিৎসক ডা৹ সৌৰভ বৰগোঁহাই আৰু ডা৹ মেহদি আলমে প্ৰায় ১০ বছৰীয়া ঢেকীয়াপতীয়া বাঘজনীক ঘটনাস্থলীতে মৰোনোত্তৰ পৰীক্ষা সম্পন্ন কৰে ৷ ঢেকীয়াপতীয়া বাঘ জনীৰ মুৰত থকা গভীৰ আঘাত পৰীক্ষা কৰি  মৰোনোত্তৰ পৰীক্ষাৰ পিচত ম'হ বা গঁড়ৰ দৰে শিঙাল প্ৰানীৰ আক্ৰমনত মৃত্যু হোৱা বুলি অৱগত কৰে পশু চিকিৎসকদ্বয়ে  ৷ শিঙাল প্ৰানীৰ আক্ৰমনত বাঘজনীৰ মুৰত হোৱা গভীৰ আঘাতৰ বাবে বাঘজনীৰ মৃত্যু হোৱা বুলিও জনায় ৷ মৰোনোত্তৰ পৰীক্ষাৰ শেষত সকলোৰে উপস্থিতিত ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰধিকৰণ নিৰ্দেশানুসৰী মৃত বাঘজনী ঘটনাস্থলীতে দাহ কৰে ৷ উল্লেখ্য যে ১১ মাৰ্চৰ দিনা কাজিৰঙাৰ কঁহৰা বনাঞ্চলতো ঢেকীয়াপতীয়া বাঘৰ আন এক মৃতদেহ বনকৰ্মীয়ে উদ্ধাৰ কৰিছিল ৷

**********