কিটচেন গাৰ্ডেন কৃষি বিভাগৰ অভিলাষী আঁচনি : কাজিৰঙা নিউজ নেটৱৰ্কৰ কিটচেন গাৰ্ডেন প্ৰতিযোগিতাৰ বঁটা বিতৰনী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা :

কিটচেন গাৰ্ডেন কৃষি বিভাগৰ অভিলাষী আঁচনি : কাজিৰঙা নিউজ নেটৱৰ্কৰ কিটচেন গাৰ্ডেন প্ৰতিযোগিতাৰ বঁটা বিতৰনী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল  বৰা :
Photo by Uttam Saikia.

AIIDESH NEWS. 7 June :

লক ডাউনৰ সময়ত সকলোতে স্থানীয় কৃষিজাত সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছে আৰু ইয়াৰ বাবে স্থানীয় কৃষিত ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ যাতে ব্যৱহাৰ নহয় তাৰ বাবে এতিয়াৰে পৰা কৃষি বিভাগ কঠোৰ ' বুলি আজি বোকাখাতত মন্তব্য কৰে কৃষি মন্ত্ৰী অতুল বৰাই ৷ কৃষকৰ সুবিধৰ্থে প্ৰতিখন জিলাতে একোটাকৈ শিতলীকৰণ কেন্দ্ৰ স্থাপন কৰাৰ পৰিকল্পনা কৰাৰ উপৰিও কৃষি জাত সামগ্ৰী  বিপননৰ বাবে ভেণ্ডৰ নিয়োগৰ বাবেও কৃষি বিভাগে চিন্তা কৰিছে বুলিও অতুল বৰাই লগতে মন্তব্য কৰে ৷

আজি বোকাখাতৰ কাজিৰঙা নিউজ নেটৱৰ্কৰ দ্বাৰা পৰিচালিত কে এন এন বোকাখাত লাইভৰ কিটচেন গাৰ্ডেন প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত অংশগ্ৰহন কৰে কৃষি মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই ৷ বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাই কয় যে লক ডাউনৰ সময়ত বিপদাগ্ৰস্ত হোৱা কৃষকৰ বাবে কৃষি বিভাগে ৮০ কোটি টকাৰ কিটচেন গাৰ্ডেন নামৰ এক আঁচনি হাতত লৈছিল এই আঁচনিৰ সফল ৰূপায়নে ৰাজ্যত ৮০ কোটি টকাৰ কৃষিজাত শস্য উৎপাদন ' বুলি আমি আশাবাদী এই ক্ষেত্ৰত ৰাজ্যৰ ভিতৰত বোকাখাতত কাজিৰঙা নিউজ নেটৱৰ্কে প্ৰথম বাৰৰ বাবে কিটচেন গাৰ্ডেনৰ প্ৰতিযোগিতাৰ আয়োজন কৰি কৃষকৰ মাজত এক সজাগতাৰ সৃষ্টিৰ বাবে লোৱা পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয় বুলিও অতুল বৰাই মন্তব্য কৰে

আজিৰ এই অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগতে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম , জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া অভিজিত বৰুৱা আৰু বোকাখাতৰ ৰাজহ চক্ৰ বিষয়া মানস নাথো উপস্থিত থাকে ৷ প্ৰথম বাৰৰ বাবে আয়োজিত এই প্ৰতিযোগিতা প্ৰথম স্থান লাভ কৰে বোকাখাত ক'লাখোৱাৰ নিৰুপমা বৰা তামুলী দ্বিতীয় স্থান লাভ কৰে ভূপেন দত্ত আৰু তৃতীয় স্থান যুটীয়াভাৱে লাভ কৰে সঞ্জীৱ হাজৰিকা আৰু মুকুল ডেকাই ৷ কাজিৰঙা নিউজ নেটৱৰ্কৰ সচিব প্ৰদ্যুত মহন্তই আঁত ধৰা এই অনুষ্ঠানত বিজয়ী কৃষকৰ লগতে প্ৰতিযোগিতাত অংশ গ্ৰহন কৰা ২০ গৰাকী প্ৰতিযোগী কৃষককে বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয় ৷