নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক জয়নাল আবেদিনৰ নামত হীৰক জয়ন্তী স্মাৰকৰ শিলান্যাস :

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক জয়নাল আবেদিনৰ নামত হীৰক জয়ন্তী স্মাৰকৰ শিলান্যাস  :
Aiidesh Photo

Aiidesh News  : 19 February 2024 : 

ঐতিহাসিক নুমলীগড় অঞ্চলত ১৯৬৩ প্ৰতিষ্ঠা হোৱা উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে বিগত ষাঠি বছৰৰ পৰিক্ৰমাৰে অঞ্চলটোৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ জীৱন গঢ়ি তুলিবলা সক্ষম হৈছে । বিদ্যালয়খনে ২০২৩ বৰ্ষটো হীৰক জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰি বিদ্যালয়ৰ অন্যান্য কাৰ্যসূচী  ইতিমধ্যাই ৰূপায়ন কৰিছে । ইয়াৰ লগতে সংগতি ৰাখি আজি বিদ্যালয় খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক নুমলীগড়ৰ প্ৰয়াত শিক্ষাবিদ জয়নাল আবেদিনৰ স্মৃতি ৰক্ষাৰ্থে তেখেতৰ পৰিয়াল বৰ্গৰ পোষকতাত এটা স্মাৰক নিৰ্মাণৰ শিলান্যাস স্থাপন কৰা হয় ৷ শিলান্যাস স্থাপন কৰে জয়নাল আবেদিনৰ পত্নী  জাহিৰা বেগমে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী, শিক্ষক- শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰছাত্ৰী, স্থানীয় ৰাইজৰ উপস্থিতত থাকে ৷ অনুষ্ঠানত নুমলীগড় অঞ্চলক শিক্ষাৰ ক্ষেত্ৰত বাট দেখুওৱা প্ৰয়াত শিক্ষাবিদ জয়নাল আবেদিনৰ সততাৰ বিষয়ে বক্তব্য প্ৰদান কৰে তৰুণ বৰুৱা আৰু দেৱব্ৰত বিশ্বাসে । পৰিয়াল বৰ্গৰ স্মৃতি ৰক্ষাৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপৰ সকলোৱে শলাগ লয় । শিলান্যাসৰ এই অনুষ্ঠান আঁত ধৰে শিক্ষয়িত্ৰী মৌচুমী গগৈয়ে ।

*******