ভোজপুৰী মহিলা সমিতিৰ উদ্যোগত বোকাখাতত হিন্দী দিৱস উদযাপন :

ভোজপুৰী মহিলা সমিতিৰ উদ্যোগত বোকাখাতত  হিন্দী দিৱস উদযাপন  :
Bhabananda Kalita

Aiidesh News  :  14 September 2023  : 

অখিল অসম ভোজপুৰী পৰিষদৰ অধীনৰ বোকাখাত আঞ্চলিক ভোজপুৰী মহিলা সমিতিৰ উদ্যোগত ১৪ ছেপ্তেম্বৰত বোকাখাত নাট্য মন্দিৰত হিন্দী দিৱস পালন কৰা হয় । এই উপলক্ষে  সুশীলা সিঙৰ পৌৰহিত্যত আয়োজিত অনুষ্ঠানত মূখ্য অতিথি হিচাবে বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি, জেষ্ঠ সাংবাদিক ভবানন্দ কলিতা উপস্থিত থাকে । অনুষ্ঠানত ভবানন্দ কলিতাই  হিন্দী দিৱসৰ তাৎপর্য ব্যাখ্যা কৰে । অনুষ্ঠানত বোকাখাত মহকুমাৰ সহকাৰী আয়ুক্ত দিপ্তীমনি টায়ে বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি বক্তব্য আগবঢ়ায় । অনুষ্ঠানতে চলিত বৰ্ষকালৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱা বোকাথাতৰ ২০ গৰাকী ছাত্র ছাত্ৰীক বোকাখাত আঞ্চলিক ভোজপুৰী মহিলা সমিতিৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয় । অনুষ্ঠানত বিভিন্ন গীত, মাত আৰু নৃত্যও পৰিবেশন হয় । অনুষ্ঠানত বোকাখাতৰ  জেষ্ঠ নাগৰিক শিউনাথ সিং, গনেশ জয়ছোৱাল, কৃষান ঠাকুৰ, ৰিশানন্দ গুপ্ত আদি উপস্থিত থাকে ।

*******