নুমলীগড় ৫ নং লাইন প্রাথমিক বিদ্যালয়ত প্রধান শিক্ষক প্রশান্ত শৰ্মালৈ বিদায় সম্বৰ্ধনা :

নুমলীগড় ৫ নং লাইন প্রাথমিক বিদ্যালয়ত প্রধান শিক্ষক প্রশান্ত শৰ্মালৈ  বিদায় সম্বৰ্ধনা :
Aiidesh Photo

Aiidesh News : 02 April - 2026 :

গোলাঘাট পশ্চিম শিক্ষাখণ্ডৰ অন্তর্গত নুমলীগড় ৫ নং লাইন প্রাথমিক বিদ্যালয়ত প্রধান শিক্ষক প্রশান্ত শৰ্মাক ১ এপ্ৰিলৰ দিনা অৱসৰকালীন বিদায় সম্ভাষণ জ্ঞাপন কৰে । বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোট , প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকল অভিভাৱক তথা স্থানীয় ৰাইজে বিদায় সম্ভাষণ জনায় । পুৱা শিক্ষক গৰাকীক সকলোৱে চৰন চুই বিভিন্ন ধৰনৰ সাংস্কৃতিক অনুষ্ঠানেৰে বিদ্যালয়লৈ আদৰি আনে । প্রায় তিনি শতাধিক লোকৰ উপস্থিতিত প্রশান্ত শৰ্মাক সম্বৰ্ধনা -পত্র, চেলেং ,গামোচা, ধৰ্ম গ্রন্থ, আৰু অনান্য সম্পদেৰে উপহাৰ  প্রদান কৰে ।

শিক্ষক প্ৰশান্ত শৰ্মাক অসম চৰকাৰে ২০১৬ চনত টিচাৰ এক্সেলেঞ্চ বঁটা প্ৰদান কৰিছিল  | প্ৰশান্ত শৰ্মাই ছাত্র ছাত্ৰী সকলক প্ৰতি মাহে স্বচ্ছতাৰ বঁটা প্রদান কৰি  তেওঁলোকক উৎসাহিত কৰিছিল । ৰাষ্ট্রীয় প্রেক্ষাপটত বিদ্যালয় খনৰ গুণগত শিক্ষা সম্পৰ্কত সজাগতা অনাত হায়দৰাবাদত প্ৰসংশা বুটলিবলৈ সক্ষম হৈছিল । ২০২৩ চনৰ পৰা "চানডে স্কুল" নামৰ এখন স্কুল পাতি দেওবাৰে নিৰক্ষক সকলক শিক্ষা দান কৰি সুনাম বুটলিও আনিছিল । 

**********