দিহিং-পাটকাইত কয়লাৰ মুক্ত খননৰ বিৰোধীতা মটক ছাত্ৰ সন্থাৰ

দিহিং-পাটকাইত কয়লাৰ মুক্ত খননৰ বিৰোধীতা মটক ছাত্ৰ সন্থাৰ

বনাঞ্চল আৰু বন্যপ্রাণীক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে উন্নয়নৰ দোহাই দি চৰকাৰে দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খননৰ সিদ্ধান্ত গ্রহণ কৰিছে। ৰাজ্যৰ চৌদিশে বনাঞ্চল ধ্বংসৰ কাৰ্য অব্যাহত থকাৰ মাজতে ৰাজ্যত আৰু এখন বনাঞ্চল নিশেষ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। বন্য জীৱকুল আৰু দাঁতিকাষৰীয়া লোকসকলৰ জীৱন-জীৱিকাক বিপদৰ মুখলৈ ঠেলি দি কয়লাৰ মুক্ত খননৰ বাবে প্ৰস্তুতি চলাইছে চৰকাৰে। 

পৃথিৱীৰ ভিতৰতে জীৱ-বৈচিত্ৰৰে চহকী দিহিং-পাটকাই অসংখ্য বন্যজীৱ, নানান প্ৰজাতিৰ সৰীসৃপ, চৰাই, পতংগ, বিৰল প্ৰজাতিৰ নানান বিধ উদ্ভিদৰে ভৰপূৰ হৈ আছে। তাৰোপৰি বন্য হস্তীৰো আবাসভূমি এই খন বনাঞ্চল। কয়লাৰ মুক্ত খননৰ ফলত এই জীৱ-বৈচিত্ৰ নিশেষ হোৱাৰ লগতে ইয়াত বাস কৰা বন্য জীৱকূলো অস্তিত্বৰ সংকটত পৰিব। তাৰোপৰি দিহিং-পাটকাইৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা লোক সকলৰ সৈতে হাতী-মানুহৰ সংঘাত সৃষ্টি হ’ব। নতুন বনাঞ্চল সৃষ্টিত কোনো অৰিহণা যোগাব নোৱাৰা চৰকাৰৰ বন ধ্বংস কৰাৰ কোনো অধিকাৰ নাই। গতিকে সদৌ অসম মটক ছাত্ৰ সন্থাই খননৰ তীব্র বিৰোধিতা কৰি দিহিং-পাটকাইত কয়লাৰ মুক্ত খননৰ ফলত সৃষ্টি হ’ব লগীয়া সকলোবোৰ সমস্যাৰ বিজ্ঞান সন্মত বিশ্লেষণ কৰি এই সিদ্ধান্ত অলতি পলমে বাতিল কৰিবলৈ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা যুগল বৰুৱাই দাবী জনাইছে। অন্যথা এটা বৃহৎ অঞ্চলৰ মানুহ আৰু বন্যপ্রাণী ধ্বংস হোৱাটো নিশ্চিত হৈ পৰিছে বুলিও উল্লেখ কৰিছে।দিহিং পাটকাই বৰ্ষাৰণ্যৰ চেলেকি অংশত মুক্ত কয়লা খননৰ বাবে চৰকাৰে দিয়া অনুমতিৰ পিছতো একাংশই বিভ্ৰান্তিমূলক অপপ্ৰচাৰ কৰিছে । ছাত্ৰ সমাজ , প্ৰকৃতিপ্ৰেমী আৰু স্বাভিমানি অসমীয়াই নেতৃত্ব দিয়া আন্দোলনৰ মাজতে বিভ্ৰান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰা সকলো পক্ষক সকীয়নী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ । সৌম্যদ্বীপ দত্তৰ দৰে দিহিং পাটকাই অভয়াৰণ্যৰ লগত জড়িত ব্যক্তিৰ মন্তব্যই মৰ্মাহত কৰিছে অসমবাসী ৰাইজক এই মন্তব্য ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক বিদ্যুৎ শইকীয়াৰ ।