ৰমজান মাহৰ সুযোগ লৈছে ফলৰ ব্যৱসায়ীযে়

ৰমজান মাহৰ সুযোগ লৈছে ফলৰ ব্যৱসায়ীযে়
ৰমজান মাহৰ সুযোগ

কামৰূপ মহানগৰ জিলা প্রশাসন আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগে লকডাউনৰ সময়ত অসাধু ব্যৱসায়ীয়ে গ্রাহকৰ পৰা খাদ্য সামগ্রীৰ দাম বৃদ্ধি কৰা বিষয়টোত গুৰুত্ব দি ইয়াৰ দাম নির্ধাৰণ কৰি দিছে৷ কিন্তু প্রশাসনে অনুমতি দিয়া ফল-মূলৰ বজাৰৰ বাবে ইয়াৰ নির্ধাৰণ কৰি নিদিয়াত দাম বৃদ্ধিৰ সুযোগ লৈছে ব্যৱসায়ীয়ে৷

উল্লেখযোগ্য যে আজি নিশাৰ পৰা ইছলাম ধর্মীয় লোকসকলৰ পৱিত্র ৰমজান মাহ আৰম্ভ হব৷ এই সময়ছোৱাত ইছলাম ধর্মীয় লোকে উপবাসে থাকে আৰু খাদ্য হিচাপে ফলমূল আদি গ্রহণ কৰে৷ কিন্তু বজাৰত এতিয়া ফলমূলৰ চাহিদা বৃদ্ধি পোৱাত অসাধু ব্যৱসায়ীয়ে দাম বঢ়োৱা বুলি অভিযোগ উঠিছে৷