বোকাখাতৰ কান্ধুলিমাৰী গাওঁত হাতীৰ আক্ৰমনত বগাই ওৰাংৰ মৃত্যু : অগৰাতলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ :

বোকাখাতৰ কান্ধুলিমাৰী গাওঁত হাতীৰ আক্ৰমনত বগাই ওৰাংৰ মৃত্যু  : অগৰাতলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ  :
Collected

Aiidesh News  :  7 December  2023  :  

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ কান্ধুলিমাৰীত হাতী খেদিবলৈ যোৱা এজন ব্যক্তিৰ ৬ ডিচেম্বৰৰ নিশা বনৰীয়া হাতীৰ আক্ৰমনত ঘটনাস্থলীতে মৃত্যু হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ পৰা পথাৰৰ ধান খাবলৈ অহা হাতীৰ জাকক ধাননি পথাৰৰ পৰা ওভটাই পঠাবৰ বাবে বনকৰ্মীৰ সৈতে ওলায় যোৱা বগাই ওৰাং নামৰ লোকজনক ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলৰ কাষৰীয় কান্ধুলিমাৰী গাওঁৰ  এজোপা বাঁহগছৰ সমীপত হাতীয়ে আক্ৰমন কৰে ৷ হাতীৰ আক্ৰমনত বগাই ওৰাংৰ ঘটনাস্থলিতে মৃত্যু হয় ৷ নিহত বগাই ওৰাংৰ ঘৰ অগৰাতলিৰ কান্ধুলিমাৰী গাওঁত ৷ 

উল্লেখ্য যে সন্ধিয়াতে ধানিনি পথাৰলৈ অহা হাতীৰ জাকক খেদিবলৈ ওলাই গৈছিল বগাই ওৰাং ৷ হাতীয়ে আক্ৰমন কৰাৰ সময়ত বগাই ওৰাংৰ লগত এজন যুৱকো আছিল ৷ হাতীৰ আক্ৰমনত  গছত উঠি যুৱক জন ৰক্ষা পৰে যদিও বগাই ওৰাং হাতীৰ আক্ৰমনত থিতাতে মৃত্যুত হয় ৷ পিচত বগাই ওৰাংক হাতীয়ে আক্ৰমন কৰাৰ খবৰটো গছ থকা যুৱক জনে বগাই ওৰাংৰ পুত্ৰ দিয়ে ৷ বগাই ওৰাংৰ মৃত্যুক কেন্দ্ৰ কৰি ৬ ডিচেম্বৰৰ নিশা অগৰাতলিৰ বনাঞ্চলিক কাৰ্যলয়ত উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ অঞ্চলটোৰ একাংশ মহিলাই অগৰাতলি বনাঞ্চলৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ আজিও দিনৰ ভাগত বোকাখাতৰ জীপাল নামৰ সংগঠনটোৰ নেতৃত্বত অগৰতলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত স্থানীয় লোকে বগাই ওৰাংৰ মৃত্যুৰ উচিত তদন্তৰ লগতে কেতবোৰ দাবীৰে প্ৰতিবাদ সব্যস্ত কৰে ৷ পিচত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ সংমণ্ডল প্ৰাধিকাৰী অৰুণ বিঘ্নেশৰ উপস্থিতিত প্ৰতিবাদকাৰী সকলে তেওঁলোকৰ দাবীৰ তাৎক্ষনিক সমাধানেৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ বিষয়া গৰাকীয়েও অসম চৰকাৰৰ ক্ষতিপূৰণ আইনৰ অধীনত তাৎক্ষণিক ভাৱে পাব পৰা ক্ষতিপূৰণ বগাই ওৰাংৰ পৰিয়ালক দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ উল্লেখ যে সমগ্ৰ বোকাখাততে সৰবৰাহী ব্যক্তি হিচাবে পৰিচিত বগাই ওৰাংৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে আজি শোকৰ ছাঁ পৰিছে  ৷

********