অৰুণাচল প্রশাসনে কাটি উটুৱাই দিলে জুবিন গার্গ সেতু

অৰুণাচল প্রশাসনে কাটি উটুৱাই দিলে জুবিন গার্গ সেতু

সমগ্র দেশতে দ্বিতীয় পর্যায়ৰ লকডাউন চলি থকাৰ সময়তে অসম-অৰুণাচল প্রদেশৰ সীমান্তৱর্তী তিনিচুকীয়া জিলাৰ ছৈখোৱা থানাৰ অন্তর্গত সীমান্তৰ টেঙাপানীত দিহিং নৈৰ ওপৰত নির্মিত জুবিন গার্গ সেতু আজি অৰুণাচল প্রদেশৰ নামচাই আৰক্ষী প্রশাসনে পুৱাতে কাটি-ছিঙি ন দিহিঙত উটুৱাই দিয়া কার্যই সকলোকে স্তুম্ভিত কৰি তুলিছে৷

কঠোৰ পৰিশ্রম আৰু সীমান্তৰ টেঙাপানীৰ যোগাযোগৰ ভাৰসা ৰূপে নির্মাণ কৰা এই দলংখন ভাঙি পেলোৱা কর্মই সীমান্তৰ টেঙাপানীৰ ৰাইজক ক্ষুব্ধ কৰি তুলিছে৷ উল্লেখযোগ্য যে জুবিন গার্গে ২৯ ফেব্রুৱাৰীত দলংখন উদ্বোধন কৰিব লগা আছিল যদিও ২৮ ফেব্রুৱাৰীত অসুস্থ হৈ চিকিৎসাধীন হ’ব লগা হৈছিল৷

পাছত সুস্থ হৈ দলংখন উদ্বোধন কৰাৰ কথা আছিল৷ হয়তো লকডাউনৰ পাছতেই এই কার্য কৰিহেঁতেন৷ কিন্তু সীমান্তৰ টেঙাপানীৰ আশাশুধীয়া প্রচেষ্টাক চেঁচা পানী ঢালিলে অৰুণাচল প্রশাসনে৷ প্রত্যক্ষদর্শী এগৰাকীৰ মতে, পুৱা অৰুণাচল প্রশাসনৰ লোক আহি কোনো বাছ-বিচাৰ নকৰাকৈ দলংখন কাটি থৈ যায়৷

এই খবৰ পাই শদিয়া জিলাৰ আৰক্ষীৰ লগতে ছৈখোৱা থানাৰ বিষয়া আহি ঘটনা পৰিদর্শন কৰাৰ লগতে কয় যে অৰুণাচল প্রশাসনে ফ’নযোগে অৰুণাচল প্রদেশ আৰু অসমৰ পৰা অহা-যোৱা কৰাৰ বাবে ভাঙি যোৱা বুলি অৱগত কৰিছিল যদিও কিছুদিন পূর্বে প্রকৃততে মিৰি ঘাটেদিহে মানুহ অহা-যোৱা কৰা প্রত্যক্ষ কৰিছিল৷

যাৰ বাবে তেওঁলোকক অহা-যোৱা বন্ধ কৰিবলৈ সকীয়নি দিয়া হৈছিল৷ আৰু জুবিন গার্গ সেতু বন্ধ আছিল৷ অৰুণাচল প্রশাসনে এইদৰে ৰাজহুৱা সম্পত্তি ধবংস কৰাটো গ্রহণযোগ্য নহয় বুলি উল্লেখ কৰে বিষয়াজনে৷ উল্লেখযোগ্য যে অসম আৰু অৰুণাচল প্রদেশৰে সম্পর্ক থকা এই সীমান্তৰ টেঙাপানীৰ দৈর্ঘয আছিল ৪৯০ মিটাৰ৷ টেঙাপানীবাসীয়ে অতি কষ্টৰে নিজৰ গাঁঠিৰ ধন ভাঙি নির্মাণ কৰিছিল এই দলংখন৷ অসমৰ ভূমিত অনধিকাৰ প্রৱেশ কৰি অসমৰ ৰাজহুৱা সম্পত্তি ধবংস কৰা কার্যক ধিক্কাৰ দিছে সকলোৱে৷

ৰাইজে এতিয়া আইনৰ দ্বাৰস্থ হোৱাৰো সিদ্ধান্ত গ্রহণ কৰিছে৷ তিনিচুকীয়া, শদিয়া আৰু হাই ক’র্টত গোচৰ দিবলৈকো যোগাযোগ কৰিছে৷ লগতে অসমৰ ৰাইজৰ পৰা পৰামর্শ আৰু সহযোগিতা বিচাৰিছে টেঙাপানীবাসীৰ লগতে জুবিন গার্গ সেতু সমিতিয়ে৷ সদৌ মৰাণ ছাত্র সন্থাৰ ক্ষোভ ঃ বৃহত্তৰ টেঙাপানীৰ ৰাইজে নির্মাণ কৰা ‘জুবিন গার্গ সেতু’ লকডাউনৰ নামত অৰুণাচল প্রদেশ প্রশাসনে ভাঙি পেলোৱা কার্যত সদৌ মৰাণ ছাত্র সন্থাই আশ্চর্য প্রকাশ কৰাৰ লগতে এনে কার্যক তীব্র নিন্দা কৰিছে৷

অসম-অৰুণাচল প্রদেশ সীমান্তৱর্তী বৃহত্তৰ টেঙাপানী অঞ্চলটোৰ লোকসকলে যুগ যুগ ধৰি ভুগি অহা সমস্যাসমূহ কোনো এখন ৰাজ্যই আজি পর্যন্ত সমাধান কৰাত গুৰুত্ব নিদিলে৷ যাৰ ফলত যাতায়াতৰ বাবে স্থানীয় ৰাইজে নিজেই এখন দলং বাঁহেৰে নির্মাণ কৰিলে৷ গাঁওবাসীয়ে উদাৰ আৰু মহানতাৰ পৰিচয় দি অসমৰ জনপ্রিয় শিল্পী জুবিন গার্গৰ নামত দলংখন উচর্গা কৰিলে৷

এতিয়া লকডাউনৰ নামত অৰুণাচল প্রদেশ প্রশাসনে দলংখন ভাঙি পেলোৱাৰ কোনো অধিকাৰ নাই বুলি সদৌ মৰাণ ছাত্র সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ আৰু সাধাৰণ সম্পাদক নৱ মৰাণে মত প্রকাশ কৰে৷

লকডাউন মানি চলি সামাজিক দূৰত্ব বজাই ৰাখিবলৈ ৰাইজলৈ আহবান জনোৱাৰ লগতে অসম আৰু অৰুণাচল প্রদেশ দুয়োখন ৰাজ্যৰ চৰকাৰক ন-দিহিং নদীৰ ওপৰত দলংখন শীঘ্রে পকীকৈ নির্মাণৰ ব্যৱস্থা কৰাৰ লগতে বৃহত্তৰ টেঙাপানী অঞ্চলটোৰ সমস্যা সমাধান কৰিবলৈ সদৌ মৰাণ ছাত্র সন্থাই দাবী জনায়৷