ৰামায়ণে অভিলেস গঢ়িলে

ৰামায়ণে অভিলেস গঢ়িলে

লকডাউনৰ সময়ছোৱাত জনসাধাৰণৰ মনোৰঞ্জনৰ বাবে কেন্দ্ৰীয় চৰকাৰে পুনৰ সম্প্ৰচাৰ কৰিবলৈ লোৱা ধাৰাবাহিক ৰামায়ণে ৰেকৰ্ড সৃষ্টি কৰিবলৈ সক্ষম হৈছে। জনপ্ৰিয়তাৰ দিশত ভাৰতীয় হিন্দী ভাষাৰ সাধাৰণ মনোৰঞ্জন চেনেলৰ শিতানত সৰ্বাধিক দৰ্শকে এতিয়া উপভোগ কৰিছে ৰামায়ণ।

এই তথ্য প্ৰকাশ কৰিছে বাৰ্ক (Broadcast Audience Research Council)-নীলচনে। তথ্য অনুসৰি ২৮ মাৰ্চ পৰা সম্প্ৰচাৰ হোৱা ধাৰাবাহিকখনৰ প্ৰতিটো সন্ধিয়া সম্প্ৰচাৰিত খন্ডসমূহ গড়ে প্ৰায় চাৰি কোটি দৰ্শকে উপভোগ কৰিছে। যোৱা দেওবাৰেই গধূলি ৰামায়ণ উপভোগ কৰিছে ৫.১ কোটি দৰ্শকে ।

মেট্ৰ’সমূহকে ধৰি নগৰ অঞ্চলৰ লোকেও এই মেগা ধাৰাবাহিকখন অধিক উপভোগ কৰা পৰিলক্ষিত হৈছে। প্ৰনিধানযোগ্য যে লকডাউনৰ সময়ত দুৰদৰ্শনে পুৰণি জনপ্ৰিয় ধাৰাবাহিক সমূহ পুণৰ সম্প্ৰচাৰ কৰাৰ পাছত এতিয়া দূৰদৰ্শনৰ দৰ্শকৰ সংখ্যাও অভাবনীয় ভাৱে বৃদ্ধি পাইছে। সম্প্ৰতি ৰামায়ণৰ লগতে মহাভাৰত, চুপাৰ হিৰ’ৰ কাহিনী শক্তিমান, চাৰ্কাছ, ব্যোমকেশ বক্সি আদি কেইবাখনো এসময়ৰ জনপ্ৰিয় ধাৰাবাহিক দূৰদৰ্শনে পুণৰ সম্প্ৰচাৰ কৰিছে।