এজন অসমীয়াৰ পৰা অনুপ্ৰাণিত হৈ মোডীয়ে দিলে লাইট অফ কৰি চাকি-ম’বাইলৰ ফ্লেছ জ্বলোৱাৰ আহ্বান….
![এজন অসমীয়াৰ পৰা অনুপ্ৰাণিত হৈ মোডীয়ে দিলে লাইট অফ কৰি চাকি-ম’বাইলৰ ফ্লেছ জ্বলোৱাৰ আহ্বান….](https://www.republicdesk.com/wp-content/uploads/2020/04/Bihar-Coronavirus-update-Bihar-had-asked-for-5-lakh-PPE.jpg)
মনত আছেনে আপোনাৰ প্ৰধানমন্ত্ৰীয়ে মোডীয়ে ৫ এপ্ৰিলত যি কাম কৰিবলৈ দিছে সেই কাম আজিৰ পৰা ৪ মাহ আগতেই কৰিছিল অসমীয়াই? ম’বাইল ফ্লেছ লাইট জ্বলাই ৰেডিয়েশ্যনৰ দ্বাৰা বৰষুণত ভিজা ক্ৰিকেট পিটছ শুকাবলৈ চেষ্টা কৰা থিঅ’ৰী আৱিষ্কাৰ কৰিছিল এইজন অসমীয়াই।
সেইদিনা আছিল ৫ জানুৱাৰী, ২০২০। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কথা আছিল শ্ৰীলংকা-ভাৰতৰ টি-২০ মেচ। বৰষুণৰ বাবে খেল অনুষ্ঠিত হোৱা নাছিল। সমালোচনাৰ জুৱাৰ উঠিছিল বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে।
সংবাদ মাধ্যমৰ সৈতে কথা পাতি অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ সম্পাদক দেৱজিৎ লন শইকীয়াই কৈছিল- ‘আপোনালোকে দেখিছিল নে মানুহবোৰে বৰষুণ এৰাৰ সময়ত পিটছ শুকাব বুলি ম’বাইলৰ ফ্লেছ জ্বলাই দিছিল। এই যে ৰেডিয়েশ্যনটো ম’বাইলৰ পৰা আহিছিল, সেই ৰেডিয়েশ্যনত পিটছখন শুকাব বুলি আশা কৰিছিল।’
এনে চৰ্চাও হৈছে যে ১৯৮০চনৰ ৬ এপ্ৰিলত বিজেপি দল গঠন হৈছিল। সেই দিনটোৰ প্ৰাকক্ষণত ৫ এপ্ৰিলত এইদৰে লাইট অফ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে মহাশক্তি প্ৰদৰ্শন কৰিবলৈ কোৱা কাৰ্যৰ সৈতে বিজেপিৰ প্ৰতিষ্ঠা দিৱসো চৰ্চালৈ আহিছে।
ছ’চিয়েল মিডিয়াত এনে খবৰো বিয়পিছে যে, ৫ এপ্ৰিলত লাইট অফ কৰিবলৈ গৈ ৬ এপ্ৰিলত লাইট জ্বলাবলৈ আহ্বান জনাইছে বিজেপিয়ে। বহু খবৰৰ মাজতে প্ৰধানমন্ত্ৰী মোডী আৰু তেওঁ কোৰোনা ভাইৰাছক লৈ জনোৱা এই আহ্বান এতিয়া চৰ্চাত আছে।
অসমতো প্রধানমন্ত্ৰী মোডীৰ আহ্বানক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ইয়াৰ কাৰণো আছে। লাইট জ্বলাই বৰ্ষাপাৰাত পিটছ শুকাবলৈ চেষ্টা কৰা বুলি দেৱজিৎ লন শইকীয়াই কৰা আহ্বানৰ সৈতে মোডীৰ এই আহ্বানক বহুতে একাকাৰ কৰি চাইছে।
দুই-একে ক’ব বিচাৰিছে- প্রধানমন্ত্ৰীৰ এই আহ্বান আচলতে অসমৰ পৰা অনুপ্ৰাণিত হৈ গৈছে। অসমৰ দেৱজিৎ লন শইকীয়াই কোৱা কথাবোৰত যেন প্রধানমন্ত্ৰী মোডী অনুপ্ৰাণিত হৈছে। এনে কটাক্ষৰ মাজতে এতিয়া ৫ এপ্ৰিলত কোৰোনা ভাইৰাছৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শনৰ বাবে সাজু হৈছে বহুজন। তাৰমাজতে দুই-একে কৈছে- অবিবেচকৰ দৰে কাম কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে।
ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে- প্ৰধানমন্ত্ৰী মোডীয়ে যদি আহ্বান জনাইছে, তেন্তে সেয়া আমি পালন কৰিব লাগিব। কংগ্ৰেছ নেতা শশীধৰে ইয়াৰ বিৰোধিতা কৰে। বহু কেইখন ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰীৰ এই আহ্বানক অবিবেচক আখ্যা দিছে। কিন্তু এতিয়া চৰ্চাৰ শীৰ্ষত আছে এক খবৰ। সেয়া হ’ল- মোবাইলৰ ফ্লেছ লাইট জ্বলাই ক্ৰিকেটৰ পিটছ শুকাব খোজা বুলি যুক্তি দিয়া দেৱজিৎ লন শইকীয়াৰ থিঅ’ৰীয়ে যেন প্ৰধানমন্ত্ৰী মোডীয়ে কোৰোনাৰ বিৰুদ্ধে এপ্লাই কৰিব খুজিছে।