এফ ডি আই নীতিৰ সংশোধন কৰিলে কেন্দ্ৰীয় চৰকাৰে

এফ ডি আই নীতিৰ সংশোধন কৰিলে কেন্দ্ৰীয় চৰকাৰে
এফ ডি আই নীতি

দেশত কোৰোণাৰ সন্ত্ৰাস চলি থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে কিছু সাল-সলনি ঘটাইছে এফ ডি আই(Foreign Direct Investment) নীতি। সংশোধিত নীতি অনুসৰি, এতিয়াৰ পৰা চুবুৰীয়া দেশৰ কোনো ঔদ্যোগিক প্ৰতিষ্ঠানে ভাৰতৰ ভূ-খণ্ডৰ ভিতৰত বিনিয়োগ কৰিলে আগতীয়াকৈ অৱগত কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰক। অৰ্থাত্‍ কেন্দ্ৰীয় চৰকাৰৰ অনুমতি লৈহে এই দিশত আগবাঢ়িব পাৰিব বিনিয়োগকাৰী। ভাৰতৰ সীমান্তৱৰ্তী ৰাষ্ট্ৰৰ ক্ষেত্ৰত প্ৰয়োজ্য হ’ব এই নতুন নীতি। এই কথা এখন জাননীৰ জৰিয়তে জানিবলৈ দিছে কেন্দ্ৰীয়  বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ে।
চীনক লক্ষ্য কৰিয়েই ভাৰতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি অনুমান কৰা হৈছে। ইতিমধ্যে পাকিস্তান আৰু বাংলাদেশৰ বিনিয়োগৰাকীৰ ক্ষেত্ৰত এই নীতি ভাৰতবৰ্ষত আগৰ পৰাই প্ৰযোজ্য।